ৰাজ্যৰ পৰিবৰ্তনকামী চৰকাৰখনে কৃষি খণ্ডত অধিক গুৰুত্ব দি কেতবোৰ অভিলাষী আঁচনি গ্ৰহণ কৰি কৃষি বিভাগটোক ত্বৰান্বিত কৰা বুলি দাবী কৰাৰ সময়ত এক বিপৰীত ছবি প্ৰতিফলিত হৈছে নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ কৃষিপ্ৰধান অঞ্চলত। সমষ্টিটোৰ অন্তৰ্গত বামুণী অঞ্চলত জলসিঞ্চনৰ অভাৱত কৃষকে কৃষিকাৰ্য কৰিবলৈ সক্ষম হোৱা নাই।
এই অঞ্চলটোৰ কৃষক ৰাইজৰ সুবিধাৰ বাবে নগাঁও জলসিঞ্চন বিভাগে এখন জলসিঞ্চন আঁচনি স্থাপন কৰিছে যদিও এই আঁচনিটো দীৰ্ঘদিন ধৰি বিকল হৈ আছে। সহস্ৰাধিক কৃষকক সামৰি স্থাপন কৰা এই আঁচনিটোৰ জৰিয়তে বছৰত দুবাৰকৈ উন্নত জাতৰ ধানৰ খেতি কৰি স্বাবলম্বী হোৱাৰ লক্ষ্য স্থিৰ কৰা হৈছিল যদিও কৃষক ৰাইজৰ এনে প্ৰত্যাশাত বৰ্তমান চেঁচাপানী পৰা পৰিলক্ষিত হৈছে। উত্থাপিত অভিযোগ অনুসৰি, নগাঁও জিলা জলসিঞ্চন বিভাগৰ অধীনত স্থাপন কৰা ৬নং পানী যোগান প্ৰকল্পটো দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত বিকল হৈ আছে।
যাৰবাবে অঞ্চলটোৰ কৃষক ৰাইজে পানী যোগানৰ পৰা বঞ্চিত হ'বলগা হৈছে। বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰীৰ চৰম হেমাহিৰ বাবেই এইদৰে দীৰ্ঘদিন ধৰি আঁচনিটো মেৰামতিৰ অভাৱত সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে। বৰ্তমান বৰো ধানখেতিৰ লগতে ৰবিশস্যৰ বতৰত অঞ্চলটোৰ খেতিয়কসকলে বহু কষ্টেৰে গাঁঠিৰ ধন খৰচ কৰি খেতিমাটি চহাই কঠীয়া পাৰিও এতিয়া জলসিঞ্চনৰ অভাৱত থমকি ৰ'বলগীয়া হৈছে।
এই বিষয়ে জলসিঞ্চন বিভাগৰ জিলা ঊৰ্ধ্বতন কৰ্তৃপক্ষক অঞ্চলটোৰ কৃষকে বহুবাৰ আবেদন-নিবেদন কৰিছে যদিও তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। বৃহত্তৰ বামুণী অঞ্চলৰ দৰিদ্ৰ কৃষকসকলে এই পানী যোগান আঁচনিটো শীঘ্ৰে মেৰামতি কৰি পুনৰ পানী যোগানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে।
ৱাহিদুদ জামান (নগাঁও)
- Log in to post comments
- 27 views