নগাঁও আইন মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহ আৰম্ভ

নগাঁও আইন মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহ আৰম্ভ

মধ্য অসমৰ আইন শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান নগাঁও আইন মহাবিদ্যালয়ত আজিৰে পৰা আৰম্ভ হৈছে মহাবিদ্যালয় সপ্তাহ। ৪৯ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ এই শিক্ষানুষ্ঠানৰ মহাবিদ্যালয় সপ্তাহ উপলক্ষে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। আজি পুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে মহাবিদ্যালয় সপ্তাহৰ শুভাৰম্ভ কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষা ডঃ সুজাতা ভট্টাচাৰ্যই। পতাকা উত্তোলন কৰি দিয়া ভাষণত অধ্যক্ষাগৰাকীয়ে আইন শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি কয়- আইনে সদায় সকলোকে ন্যায় প্ৰদান কৰি আহিছে।

আইনৰ শিক্ষা গ্ৰহণৰ সমান্তৰালভাবে ছাত্ৰ-ছাত্ৰীসকলে ক্ৰীড়া, সংগীত, সাহিত্য চৰ্চাকে ধৰি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব লাগিব। ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰে একতা সভাৰ সভাপতি কল্পজ্যোতি বৰাই। ছহিদ তৰ্পণ অনুষ্ঠান মুকলি কৰে সদৌ নগাঁও ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকনে। মহাবিদ্যালয় সপ্তাহ উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলে নগাঁও চহৰত উলিয়ায় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি দিয়া ভাষণত নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকাই অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ কথা উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক সমন্বয়ৰ এনাজৰীডাল অধিক সুদৃঢ় কৰাৰ কামত নিয়োজিত হ'বলৈ আহ্বান জনায়।

অনুষ্ঠানত ছাত্ৰ একতা সভাৰ সম্পাদক পাপু বৰা, ক্ৰীড়া সম্পাদক চুহেল কুদ্দুচ তালুকদাৰ, ছাত্ৰ নেতা সূৰুয ফুকন, ৰাজম জ্যোতি বৰাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। মহাবিদ্যালয় সপ্তাহ উপলক্ষে বিভিন্ন প্ৰতিযোগিতাৰ লগতে বঁটা প্ৰদান অনুষ্ঠান, মুকলি সভা, পুৰস্কাৰ বিতৰণ, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হব। ৮ ফেব্ৰুৱাৰীত মহাবিদ্যলয় সপ্তাহৰ সামৰণি পৰিব।
 

Your Comments