নগাঁও ভাওনা সমাৰোহ-২০১৯ৰ আজি লাইখুঁটা স্থাপন কৰা হয়। নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নেহৰুবালিৰ ভক্তিস্থলত আজি শতাধিক ভক্ত প্ৰাণ ৰাইজৰ উপস্থিতিত লাইখুঁটা স্থাপন কৰা হয়। উদ্যাপন সমিতিৰ কাৰ্যকৰী সভাপতি ডাঃ দুৰ্লভ চমুৱাই খোল-তাল-ডবা-শব্দ আৰু হৰি ধ্বনিৰে লাইখুঁটা স্থাপন কৰে।
এই অনুষ্ঠানত ভাওনা সমাৰোহ উদযাপন সমিতিৰ বিষয়ববীয়া ক্ৰমে লীলা প্ৰসাদ কাকতি, খগেন চন্দ্ৰ নাথ, সুনটি কুমাৰ দাস, পৰাণ মহন্ত, দীপক বৰা, ছাইফুল ইছলাম বৰা, শিল বৰা, পুৰন্দৰ বৰা আদিয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য যে অহা ৯, ১০ আৰু ১১ ফ্ৰেব্ৰুৱাৰীত তিনিদিনীয়াকৈ এই ভাওনা সমাৰোহ উদ্যাপন কৰা হ'ব।
নগাঁও ভাওনা সমাৰোহ উদযাপন সমিতিৰ উদ্যোগত হ'বলগা এই ভাওনা সমাৰোহৰ ১০ ফ্ৰেব্ৰুৱাৰীত ৭খন অংকীয়া ভাওনা আৰু ১১ ফ্ৰেব্ৰুৱাৰীত কেলি গোপাল ৰাস প্ৰদৰ্শন কৰা হ'ব। তদুপৰি, দিহানাম, চিত্ৰাংকণ আদি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।
- Log in to post comments
- 49 views