সোমবাৰে শিৱসাগৰ চহৰৰ মাজমজিয়াত সংঘটিত এটা ডকাইতিৰ ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ শিৱসাগৰ আৰক্ষীৰ ব্যৰ্থতা প্ৰমাণ কৰিলে দিন-দুপৰতে সংঘটিত উক্ত ডকাইতিৰ ঘটনাই৷
ঘটনাৰ বিৱৰণি মতে, কালি দিনৰ প্ৰায় ১১.৩০ বজাত এন ই পেইন্ট নামৰ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী গৌতম বড়োৱে চহৰৰ কেন্দ্ৰীয় বজাৰৰ সমীপত থকা এলাহাবাদ বেংকৰ পৰা তিনি লাখ টকা উলিয়াই নিজৰ স্কুটিৰে আহি আছিল। চহৰৰ ৰাজ্যিক পৰিবহণ নিগমৰ আস্থানৰ সমীপত এটা ডিভাইদাৰ পাৰ হওঁতেই ক'লা ৰঙৰ পালচাৰ বাইকত অহা দুটা দুৰ্বৃত্তই বড়োৰ পৰা টকাৰ বেগটো কাঢ়ি তীব্ৰ বেগেৰে উধাও হয়। স্কুটি লৈ গৌতম বড়োৱে কিছু দূৰ খেদি যায় যদিও দুৰ্বৃত্তক ধৰিবলৈ সক্ষম নহ'ল।
ঘটনাৰ সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ গৰাকীয়ে গোপাল যোশীয়ে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও বাতৰি যুগুতোৱা পৰলৈকে দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই। কৰ্মচাৰীক দৰমহা দিবৰ বাবে উক্ত তিনিলাখ টকা বেংকৰ পৰা উলিয়াই আনিছিল বুলি প্ৰকাশ কৰে এন ই পেইন্টৰ স্বত্বাধিকাৰী যোশীয়ে। উল্লেখ্য যে এলাহাবাদ বেংকৰ এই শাখাটোৰ পৰা ইয়াৰ পূৰ্বেও কেইবাবাৰো এনেদৰে দুৰ্বৃত্তই গ্ৰাহকৰ পৰা টকা কাঢ়ি নিছে৷ কিন্তু এটাও দুৰ্বৃত্তক এতিয়ালৈকে আটক কৰিব পৰা নাই শিৱসাগৰ আৰক্ষীয়ে। কোন গ্ৰাহকে বেংকৰ পৰা কিমান টকা উলিয়াইছে, সেই তথ্য দুৰ্বৃত্তই কেনেদৰে লাভ কৰে তাক লৈও গভীৰ ৰহস্যৰ সৃষ্টি হৈছে।
- Log in to post comments
- 10 views