নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আজি নগাঁও জিলা কংগ্ৰেছে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত আজি নগাঁও জিলা কংগ্ৰেছে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত পাঁচঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত বিধায়ক নুৰুল হুদা, নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মাকে ধৰি বিভিন্ন নেতা-কৰ্মীৰ অংশগ্ৰহণ কৰে।
- Log in to post comments
- 12 views