নগাঁৱত গাড়ীসহ দুৰ্ধৰ্ষ চোৰাং চিকাৰী গ্ৰেপ্তাৰ : উগ্ৰপন্থী সংগঠনৰ লগত জৰিত থকাৰ সন্দেহ আৰক্ষীৰ

ৌ

নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি কালি নিশা অভিযান চলাই এজন দুৰ্ধৰ্ষ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নগাঁও আৰক্ষী সূত্ৰই জনোৱা মতে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰীজন হ'ল-জেমছ্ থাংলুৱাই (৫০)। চোৰাং চিকাৰীজনৰ ঘৰ মণিপুৰৰ চোৱা চন্দনপূৰত। নগাঁও আৰক্ষীয়ে চোৰাং চিকাৰী জনক যোৱা নিশা নগাঁৱৰ চাপৰমুখ ৰেলৱে ষ্টেচনৰ ওচৰৰ পৰা ৰহা আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে চোৰাং চিকাৰী জনৰ পৰা এএছ-০২-পি-৬৭৭৪ মাৰুতি চেলৰিঅ' গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। নগাঁও আৰক্ষী সুত্ৰে জনোৱা মতে, এই চোৰাং চিকাৰীজনে তেওঁৰ কেইজন মান সহযোগীৰ সৈতে দুদিন মানৰ পূৰ্বে ওৰাং বন্যপ্ৰাণী অভয়াৰণ্যত গঁড় হত্যাৰ প্ৰচেষ্টা চলাইছিল যদিও সফল নহ'ল। সেয়ে দলটো মণিপুৰলৈ উভটি যোৱাৰ পথত আৰক্ষীয়ে চাপাৰমুখ ৰেলষ্টেচৰ ওচৰত গ্ৰেপ্তাৰ কৰে যদিও তেওঁৰ সহয়োগীসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

আৰক্ষীয়ে আন চোৰাং চিকাৰী কেইটাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে জনোৱা মতে, জেমছ্ নামৰ এই দুৰ্ধৰ্ষ চোৰাং চিকাৰীটো মণিপুৰৰ কোনো উগ্ৰপন্থী সংগঠনৰ লগত জড়িত থাকিব পাৰে। তেওঁৰ পৰা উগ্ৰপন্থী সংগঠনসমূহে ব্যৱহাৰ কৰা পোছাক পৰিধিত এখন ফটো জব্দ কৰে।

চোৰাং চিকাৰীজন উগ্ৰপন্থী সংগঠনৰ লগত আছেনে নাই, সেই সন্দৰ্ভত জানিবৰ বাবে নগাঁও আৰক্ষীয়ে ইতিমধ্যে মণিপুৰ আৰক্ষীৰ লগত যোগাযোগ কৰিছে। আন এক সুত্ৰই জনোৱা মতে, চোৰাং চিকাৰীজন দীৰ্ঘদিন ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গড়ৰ চোৰাং চিকাৰৰ লগত জড়িত আছিল। ইতিমধ্যে তেওঁ কেবাটাও গঁড় হত্যা কৰিছে।  জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হত্যা কৰা গঁড়ৰ খৰ্গ সৰবৰাহ কৰাৰ কামতো তেওঁ জড়িত আছিল। সম্প্ৰতি আৰক্ষীয়ে চোৰাং চিকাৰীজনক জেৰা অব্যাহত ৰাখিছে।

Your Comments