নগাঁও জিলা সাহিত্য সভাৰ বিশেষ অধিৱেশন সম্পন্ন

নগাঁও জিলা সাহিত্য সভাৰ বিশেষ অধিৱেশন সম্পন্ন

নগাঁও জিলাৰ সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিৱেশন দেওবাৰে ৰাঙলু স্বৰ্ণ শাখা সাহিত্য সভাৰ উদ্যোগত ৰাঙলু উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। পুৱা জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি নিত্যানন্দ বৰাই পতাকা উত্তোলনেৰে অধিবেশনৰ শুভাৰম্ভ কৰে। স্মৃতি তৰ্পণ অনুষ্ঠানৰ পিছত উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে সাহিত্যিক ঘনকান্ত বৰাই। দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই সাহিত্য সভাই সাম্প্ৰতিক সময়ত বহন কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে।

নগাঁও জিলা সাহিত্য সভাৰ বিশেষ অধিৱেশন সম্পন্ন

জিলা সম্পাদক মৃণাল কুমাৰ হাজৰিকাই বাৰ্ষিক প্ৰতিবেদন দাঙি ধৰে। সভাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে বিধেয়কখন শীঘ্ৰে বাতিল কৰিবলৈ চৰকাৰক দাবী জনায়। বিয়লি ১ বজাৰ পৰা নিত্যানন্দ বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয়- অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত সকলো একত্ৰিত হোৱা উচিত। তেওঁ লগতে কয়, এটা জাতিৰ ভাষা-সংস্কৃতি জাতিটোৰ দাপোণস্বৰূপ। ভাষা আৰু সংস্কৃতিৰ উন্নয়নেহে জাতিটোক আগুৱাই নিব পাৰে।

নগাঁও জিলা সাহিত্য সভাৰ বিশেষ অধিৱেশন সম্পন্ন

সভাত অংশগ্ৰহণ কৰি সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই সাহিত্য-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত ইছলামধৰ্মীয় লোকসকলৰ অৱদানৰ বিষয়ে উল্লেখ কৰি কয়- বৃহত্তৰ অসমীয়া জাতি গঠনত চৰ-চাপৰিকে ধৰি বিভিন্ন ইছলামধৰ্মীয় লোকসকলে অসমীয়া সাহিত্য-সংস্কৃতিলৈ অনবদ্য অবদান আগবঢ়াই আহিছে। সভাতেই ৰাজখোৱাই লেখিকা ৰূপামমি বৰাৰ "মা মোৰ হেৰাল" উন্মোচন কৰি নতুন প্ৰজন্মক সাহিত্য সৃষ্টিত ব্ৰতী হ'বলৈ আহ্বান জনায়। সভাত সু-লেখিকা ডঃ জয়শ্ৰী গোস্বামী মহন্তই সাহিত্যৰ জৰিয়তে স্থানীয় অঞ্চলসমূহৰ ইতিহাস জনাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়।

নগাঁও জিলা সাহিত্য সভাৰ বিশেষ অধিৱেশন সম্পন্ন

সভাত সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য যাদৱ শৰ্মা, শোণিতপুৰ সাহিত্য সভাৰ সম্পাদক মৃদুল চহৰীয়া, নগাঁও জিলাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰথিমোহন নাথ, সাহিত্যিক ভৱেশ মেধি, হুমেশ্বৰ দেৱশৰ্মা, বল্লদেৱ শৰ্মা, অৰবিন্দ বৰগোহাঞি, প্ৰদীপ শইকীয়া, দীপ্তি বৰা, জেউতি হাজৰিকা, মামণি ভূঞা হাজৰিকা, ৰেৱত হাজৰিকা, নবীন বৰঠাকুৰ, দিলীপ নাথ,  আনোৱাৰ পাৰবেজ আদিয়ে অংশগ্ৰহণ কৰে। ৰাঙলু শাখা সাহিত্য সভাৰ সভাপতি নজিবুৰ ৰহমানে আদৰণী ভাষণ প্ৰদান কৰা সভাখনত সমাজকৰ্মী ছিৰাজুদ্দিন আহমেদ, নজিবুৰ ৰহমান, আব্দুৰ ছামেদ চৌধুৰী, বাছেদ আলী আৰু ভাৰত ভট্টাচাৰ্যক সম্বৰ্ধনা জনোৱা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক মৃণাল কুমাৰ হাজৰিকাই। 
 

Your Comments