নগাঁও জিলাৰ জুৰীয়া উদমাৰীত নিচাযুক্ত দ্ৰব্য আৰু সামাজিক কুসংস্কাৰ বন্ধ কৰাৰ দাবীত ৰাইজে আজি এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। জিলাখনৰ জুৰীয়া, চিঙাৰী, উদমাৰী, ফাকলি পথাৰ, বালিঘটিয়া আজি অঞ্চলত দীৰ্ঘদিনৰ পৰা একাংশ অবৈধ ড্ৰাগছ ব্যৱসায়ীয়ে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে।
ইয়াৰ ফলত অঞ্চলটোৰ বহু যুৱকৰ লগতে স্কুল-কলেজৰ ছাত্ৰসকল এই নিষিদ্ধ ড্ৰাগছ সেৱন কৰি নানান অনৈতিক কাম-কাজত জড়িত হোৱাৰ লগতে নিজৰ শিক্ষা আধাতে বাদ দিবলগা হৈছে।এই বিষয়সমূহ অঞ্চলটোৰ ৰাইজে নগাঁও আৰক্ষী প্ৰশাসনক বাৰম্বাৰ অৱগত কৰাৰ পাছতো আৰক্ষীয়ে বিষয় সন্দৰ্ভত কোনো ব্যবস্থা গ্ৰহণ নকৰাত আজি ৰাইজ ক্ষুণ্ণ হৈ দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ লগতে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে।
ফলত নগাঁও-জুৰীয়া পথটোত বহু সময়লৈকে যাতায়াত বন্ধ হৈ থকাৰ লগতে পথটোৰ দুয়োপাৰে শ শ যান-বাহন আবদ্ধ হৈ পৰাত এক যান-জঁটৰ সৃষ্টি হয়। প্ৰতিবাদকাৰীসকলে নগাঁও আৰক্ষী গ'-বেক, অবৈধ ড্ৰাগছৰ ব্যৱসায় বন্ধ কৰক, বাল্যবিবাহ বন্ধ কৰক, সামাজিক কুসংস্কাৰ বন্ধ কৰক আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে আজি ৰাজপথ উত্তাল কৰি তোলে।
এই প্ৰতিবাদী কাৰ্যসূচীত স্থানীয় দল-সংগঠনৰ লগতে অঞ্চলকেইটাৰ বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে হাতে হাতে প্লে'-কাৰ্ড লৈ অংশগ্ৰহণ কৰে। উল্লেখ্য যে আজি কিছুদিনৰ পূৰ্বে ৰাইজে অভিযান চলাই অঞ্চলটোত কেইবাটাও ড্ৰাগছৰ ঘাটি উৎখাত কৰাৰ লগতে ড্ৰাগছসহ ব্যৱসায়ীক আটক কৰি জুৰীয়া আৰক্ষীক চমজাই দিছিল।
- Log in to post comments
- 9 views