মানসিক বিকাৰগ্ৰস্ত যুৱতীক উদ্ধাৰ নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ

ৌ

নগাঁও ন্যায় সেৱা প্ৰাধিকাৰীয়ে আজি নগাওঁ চহৰৰ পানীগাঁও চাৰিআলিৰ শান্তিবনৰ পৰা এগৰাকী মানসিক বিকাৰগ্ৰস্ত বহিঃৰাজ্যৰ যুৱতীক উদ্ধাৰ কৰে। । ন্যায় সেৱা প্ৰাধিকাৰীৰ পেনেল অধিবক্তা ৰূপালী গোস্বামী, অৰ্ধ্ব আইনী সহায়ক দিপেন শইকীয়া, পাপুমনি বৰা, বিতুপন কোঁৱৰ উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে যুৱতীগৰাকীৰ পৰিচয় লাভ কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত পৰিচয় লাভ কৰা নাই।

জানিব পৰা মতে মানসিকভাৱে ৯৫ শতাংশ বিকাৰগ্ৰস্ত মহিলাগৰাকীয়ে যোৱা কেইদিনমানৰ পৰা নগাঁৱৰ পানীগাঁও অঞ্চলত অশান্তি সৃষ্টি কৰি আছিল। আজি একাংশ সচেতন লোকে প্ৰথমে আৰক্ষীক খবৰ দিয়াৰ পিচত স্থানীয় ইটাচালি আৰক্ষী চকীৰ আৰক্ষীয়ে নগাঁও ন্যায় সেৱা প্ৰাধিকাৰীক খবৰ দিয়াত ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙৰ নিজা প্ৰচেষ্টাত উদ্ধাৰ কাৰ্য সফল হয় বুলি জানিব পৰা গৈছে | বৰ্তমান মানসিক বিকাৰগ্ৰস্ত মহিলাগৰাকীক নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে |

Your Comments