ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৬৮ সংখ্যাক স্মৃতি দিৱস উপলক্ষে শিল্প দিৱসটি ৰাজ্যখনৰ আন ঠাইৰ লগতে আজি নগাঁও জিলাতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে উদযাপন কৰে। সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা, শংকৰজ্যোতি সাহিত্য সভা, অৰুনোদই সাংস্কৃতিক সমাজৰ উদ্যোগত আজি মাজৰাটি গাঁৱত দিনজোৰা কাৰ্যসূচীৰে শিল্পী দিৱসটি উদযাপন কৰা হয়। পুৱা সমূহীয়া ছাফাই অভিযানৰ পিছত জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে গোপেশ্বৰ বৰা আৰু পুন্যদা বৰাই। দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত জ্যোতি সংগীত আবৃত্তি প্ৰতিযোগীতাৰ মুকলি কৰে শিক্ষাবিদ বীৰেন দাসে।
দিনৰ ১ বজাৰ পৰা শিক্ষাবিদ প্ৰেমেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকাই। সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষন প্ৰদান কৰে গ্ৰাম্য পুথিভড়াল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাই। সভাত বিশিষ্ট অতিথিৰ ভাষন প্ৰদান কৰি শিক্ষাবিদ দেবেশ্বৰ গোস্বামীয়ে কয় - জ্যোতিপ্ৰসাদ আগৰৱালা এগৰাকী প্ৰগতিশীল চিন্তা নায়ক আছিল। তেওঁ অসমৰ সংস্কৃতিক পথাৰখন জীপাল কৰি থৈ গৈছে।
তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অসমীয়া জাতিক শক্তিশালী কৰিবলৈ নৱপ্ৰজন্মক গোস্বামীয়ে আহ্বান জনায়। সভাত অসম সাহিত্য সভাৰ সহকাৰী সম্পাদক যতীন সুতকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সন্থাৰ সহকাৰী সম্পাদক খগেন নাথে আঁত ধৰা অনুষ্ঠানত স্থানীয় শিল্পী ঘনকান্ত বৰুৱা, আদিৰাম বৰা আৰু নৰেন বৰাক সম্বৰ্ধনা জনোৱা হয়।
সভাতেই শিল্পী গুণ শইকীয়া, প্ৰতিভা দেবী, অনিমা শৰ্মা বৰুৱা আৰু গম্ভীৰ নাথ আদিয়ে গীত পৰিৱেশন কৰে। আনহাতে, সদৌ নগাওঁ জিলা ছাত্ৰ সন্থাৰ জিলা কাৰ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে জ্যোতিপ্ৰসাদৰ স্মৃতি দিৱস উদযাপন কৰে। ইপিনে, সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন কমিটিৰ উদ্যোগতো জ্যোতি প্ৰসাদৰ স্মৃতি দিৱস পালন কৰা হয়। পুৱা জ্যোতি প্ৰসাদৰ প্ৰতিচ্ছবিত মাল্য প্ৰদান কৰাৰ পিছত জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগতো শিল্পী দিৱসটি উদযাপন কৰা হয়।
- Log in to post comments
- 13 views