ছিপাঝাৰত মুখ্য মন্ত্ৰীৰ ঘোষণা- এন আৰ চিক লৈ শংকিত হোৱাৰ কাৰণ নাই

ছিপাঝাৰত মুখ্য মন্ত্ৰীৰ ঘোষণা- এন আৰ চিক লৈ শংকিত হোৱাৰ কাৰণ নাই

দৰং জিলা প্ৰশাসনৰ উদ্যোগত, অসম চৰকাৰৰ সহযোগত মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টিৰ মহিলাসকলক লৈ আজি ছিপাঝাৰৰ নাৰিকলি শিৱমন্দিৰ খেলপথাৰত কনকলতা মহিলা সবলীকৰণ আঁচনিৰ এখন বিশাল "মহিলা সমাৰোহ" অনুষ্ঠিত হয়। কেইবা সহস্ৰাধিক মহিলাৰ উপস্থিতিত দিনৰ ১২ বজাত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্য, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে, জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতা, সাংসদ ৰমেন ডেকাৰ লগতে ১০ বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ বিধায়কসকল উপস্থিত থাকে।

আনহাতে, দিনৰ ২-১০ বজাত সভাৰ মুখ্য অতিথি মুখ্য মন্ত্ৰী সবাৰ্নন্দ সোণোৱাল সমাৰোহস্থলীত উপস্থিত হয়। মুখ্য মন্ত্ৰীগৰাকীয়ে তেওঁৰ ত্ৰিশ মিনিটৰ ভাষণত মহিলাসকলক বৰ্তমান সময়ৰ লগত খাপ খুৱাই চলিবলৈ প্ৰতিযোগিতামূলক মনোভাবেৰে আগবাঢ়িবলৈ আহবান জনায়। লগতে চৰকাৰৰ উৎপাদন বৃদ্ধি আৰু মহিলাসকলক স্বনিৰ্ভৰশীল কৰি গঢ়ি তোলাটো মূল লক্ষ্য বুলি উল্লেখ কৰি মহিলাসকলে নিজৰ নিজৰ আত্মসহায়ক গোটৰ জৰিয়তে স্বনিভৰশীল হোৱাৰ পথ বাছি ল’ব পাৰে বুলিও উল্লেখ কৰে।

ছিপাঝাৰত মুখ্য মন্ত্ৰীৰ ঘোষণা- এন আৰ চিক লৈ শংকিত হোৱাৰ কাৰণ নাই


ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰীগৰাকীয়ে অহা  ৩০ জুলাইত প্ৰকাশ পাবলগীয়া এন আৰ চিৰ চূড়ান্ত খচৰাক লৈ কোনো ভাৰতীয় নাগৰিক শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি প্ৰকাশ কৰে। ভাৰতীয় নাগৰিকৰ নাম কিবা কাৰণত বাদ পৰিলেও পুনৰ অন্তৰ্ভুক্তি কৰিব পাৰিব বুলিও তেওঁ লগতে উল্লেখ কৰে।

উল্লেখ্য যে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এন আৰ চিৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো  হুংকাৰ প্ৰদান কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উক্ত সভাতে মুখ্য মন্ত্ৰীয়ে ১০টা আত্মসহায়ক গোটক আনুষ্ঠানিকভাৱে ২৫ হাজাৰ টকীয়া চেক প্ৰদান কৰে। বাকী গোটসমূহক পৰৱৰ্তী সময়ত উন্নয়ন খণ্ডসমূহৰ জৰিয়তে প্ৰদান কৰা হ’ব। 


        উল্লেখ্য যে আজিৰ মহিলা সমাৰোহ পৰিচালনা কাৰ্যত সৃষ্টি হয় তীব্ৰ বিশৃংখল পৰিস্থিতিৰ। ২ কোটি টকাৰ বিশাল বাজেটেৰে আয়োজন কৰা অনুষ্ঠানটোত ৬০ লাখ টকাৰ পেণ্ডলটোত ত্ৰিশ হাজাৰ মহিলাৰ আসনৰ বিপৰীতে মাত্ৰ ৬ হাজাৰ চকীৰ ব্যৱস্থা কৰাত অধিকাংশ মহিলাই অনাই-বনাই ঘূৰি ফুৰিব লগা হয়।

ত্ৰিশ হাজাৰ মহিলাৰ বাবে নিৰ্ধাৰণ কৰা ত্ৰিশ লক্ষাধিক টকাৰ খাদ্য বাজেটৰ পৰা আশী শতাংশ মহিলাই লাভ নকৰিলে এবটল পানীও।  পৰিবহণৰ ক্ষেত্ৰত ৪৫ লাখ টকাৰ বাজেট গ্ৰহণ কৰিছিল যদিও মুখ্য মন্ত্ৰীৰ প্ৰস্থানৰ পিছতে বহু মহিলা খোজকাঢ়ি নতুবা গাঁঠিৰ ধন ভাঙি  ঘৰমুৱা হোৱাৰ লগতে  নানা দুৰ্ভোগৰ সন্মুখীন হ’বলগীয়া হয়। এই লৈ মহিলাসকলৰ মাজত প্ৰতিক্ৰয়াৰ সৃষ্টি হৈছে।

Your Comments