অসমীয়াৰ অতিকৈ চেনেহৰ ভোগালী বিহু উপলক্ষে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ৰূপহীহাটতো বিহুৰ উছাহ পৰিলক্ষিত হয় ৷ মুছলিম অধ্যূষিত অঞ্চলটোত এইবাৰ বিহু উদযাপন কৰিবলৈ মুকলিকৈ ওলাই আহে একাংশ লোক ৷ ৰূপহীৰ জ্যেষ্ঠ নাগৰিক একাংশৰ উদ্যোগত স্থানীয় যুৱকসকলে ভোগালী বিহু উদযাপন কৰে ৷ তদুপলক্ষে উৰুকাৰ নিশা ৰূপহী থানাৰোডত লগে ভাগে ভোগালীৰ এসাঁজ অনুষ্ঠানৰ আয়োজন কৰে ৷ বিহু উপলক্ষে পূৰ্বৰে পৰাই প্ৰস্তুতি চলাই থকা কিশোৰ কিশোৰিসকলৰ এক নৃত্যানুষ্ঠানৰো আয়োজন হয় ৷ ৰূপহীহাটৰ বিভিন্ন স্থানৰ পৰা সমবেত হোৱা লোকে এই কাৰ্যসূচী মিলিজুলি আনন্দ স্ফুৰ্তি কৰা দেখা যায় ৷ ভোগালী বিহুৰ এই কাৰ্যসূচীত বিভিন্ন ক্ষেত্ৰত জড়িত বিষয়া, শিক্ষকৰ উপৰিও অসম কবি সন্মিলনৰ ৰূপহীহাট শাখাৰ সভাপতি সহ বিভিন্ন কৰ্মকৰ্তা সকলেও অংশ লোৱা দেখা যায় ৷ উল্লেখ্য যে প্ৰথম বাৰৰ বাবে ৰূপহীত মুছলমান লোকসকলৰ দ্বাৰা আয়োজিত এই কাৰ্যসূচীক লৈ বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈছে ৷ আনহাতে বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হিচাপে মুছলমান যুৱকসকলৰ এই প্ৰচেষ্টাই অসমীয়া জাতিৰ ঐক্য সংহতি তথা সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে বুলি চৰ্চিত হৈছে ৷
ৱাহিদুদ জামান (নগাঁও)
- Log in to post comments
- 13 views