ভাৰত-ভূটান সীমান্তত ২৬৪ কিঃমিঃ দৈৰ্ঘ্যৰ ৪ লে’নযুক্ত পথ নিৰ্মাণৰ সিদ্ধান্ত

ভাৰত-ভূটান সীমান্তত ২৬৪ কিঃমিঃ দৈৰ্ঘ্যৰ ৪ লে’নযুক্ত পথ নিৰ্মাণৰ সিদ্ধান্ত

‘কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আন্তঃৰাষ্ট্ৰীয় এলেকাৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে গুৰুত্ব আৰোপ কৰি ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰত-ভূটান সীমান্তৰ ৪খন জিলাক সামৰি ২৬৪ কিঃমিঃ দৈৰ্ঘ্যৰ ৪ লে’নযুক্ত এক ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে নীতিগতভাৱে সন্মতি প্ৰদান কৰিছে। বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ অনুমতি লাভ কৰাৰ পিছতে এই পথৰ নিৰ্মাণকাৰ্য আৰম্ভ হ’ব।

ইয়াৰ ফলত অঞ্চলটোৰ পথ যোগাযোগৰ ক্ষেত্ৰত নতুন মাত্ৰাৰ সংযোজন হ’ব।’ আজি বাক্সা জিলাৰ নিকাছিৰ জ্ঞানপীঠ নাটক কলেজত সীমান্ত চেতনা মঞ্চ, পূৰ্বোত্তৰৰ অসম ৰাজ্যিক অধিবেশনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

মুখ্য মন্ত্ৰী সোণোৱালে কয় যে ভাৰত-বাংলাদেশ আৰু ভাৰত-ভূটান সীমান্তত অৱস্থিত কাছাৰ, কৰিমগঞ্জ, দক্ষিণ শালমাৰ, মানকাচৰ, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ কৰ্মসূচী গ্ৰহণ কৰিছে। ক্ৰীড়া, সংস্কৃতি উদ্যোগকে ধৰি বিভিন্ন খণ্ডৰ শক্তিশালী বিকাশৰ পৰিৱেশ এটা গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ উপৰি আন্তঃৰাজ্যিক সীমান্তৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় পুঁজি মুকলি কৰি দিছে। ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰীয়ে কয় যে কেইবা দশক ধৰি সীমান্তৰ আন্তঃগাঁথনি দুৰ্বল আৰু পিছপৰি থকাৰ বাবে জনগণৰ মনত বিশ্বাসৰ ভাব দৃঢ় হৈ উঠা নাই।

কিন্তু বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ বাবে জনগণৰ মনলৈ আত্মবিশ্বাস উভতি আহিছে। মুখ্য মন্ত্ৰীয়ে কয় যে সীমান্ত এলেকাৰ যুৱক-যুৱতীৰ মনত শক্তিশালী চেতনাবোধ জাগ্ৰত কৰি তেওঁলোকক আগুৱাই নিব লাগিব।

Your Comments