নগাঁৱত গুৰুগোবিন্দ সিঙৰ ৩৫২সংখ্যক জন্মজয়ন্তী উপলক্ষে বিশাল শোভাযাত্ৰা

নগাঁৱত গুৰুগোবিন্দ সিঙৰ ৩৫২সংখ্যক জন্মজয়ন্তী উপলক্ষে বিশাল শোভাযাত্ৰা

গুৰুগোবিন্দ সিঙৰ ৩৫২সংখ্যক জন্মজয়ন্তী উৎসৱৰ আজি সামৰণি পৰে। নগাঁও চহৰৰ গুৰুদ্বাৰ প্ৰবন্ধক সমিতিৰ উদ্যোগত ৩ জানুৱাৰীৰ পৰা আয়োজন কৰা এই উৎসৱৰ আজি অখণ্ড পাঠেৰে সামৰণি পৰে। ৩ জানুৱাৰীৰ পৰা ৯ দিনলৈকে প্ৰভাতফেৰি অনুষ্ঠান অনুষ্ঠিত হয়। ১১ জানুৱাৰীৰ পৰা আজিলৈকে অনুষ্ঠিত হয় অখণ্ড পাঠ।

নগাঁৱত গুৰুগোবিন্দ সিঙৰ ৩৫২সংখ্যক জন্মজয়ন্তী উপলক্ষে বিশাল শোভাযাত্ৰা

আজি দুপৰীয়া শিখ ধৰ্মৰ পৰম্পৰা অনুসৰি নগাঁও চহৰত উলিওৱা হয় বিশাল শোভাযাত্ৰা। এই শোভাযাত্ৰাত শিখ ধৰ্মাৱলম্বী বহুসংখ্যক লোক উপস্থিত থাকে। এই অনুষ্ঠান উপলক্ষে মহিলাসকলে স্বচ্ছতা অভিযান চলায়। তদুপৰি, পঞ্জাবৰ গুৰুদাসপুৰৰ পৰা অহা 'গটকা খৰাৰ' দলে সমদলৰ সময়ত চহৰখনৰ কেইবাটাও ঠাইত পৰম্পৰাগত অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন কৰে।

নগাঁৱত গুৰুগোবিন্দ সিঙৰ ৩৫২সংখ্যক জন্মজয়ন্তী উপলক্ষে বিশাল শোভাযাত্ৰা

তদুপলক্ষে অনুষ্ঠিত অনুষ্ঠানত নগাঁও গুৰুদ্বাৰ প্ৰবন্ধক সমিতিৰ সভাপতি দেবেন্দ্ৰ সিং, সম্পাদক চহেন্দ্ৰ সিং গান্ধী, বিশিষ্ট সমাজসেৱক হৰিদৰ্শন সিং, সৎপাল সিং সেহমী, জাগীৰ সিং আদিয়ে অংশগ্ৰহণ কৰে।
 

Your Comments