ভোগালী বিহুক লৈ এতিয়া সৰ্বত্ৰ ব্যস্ততা। ভোগালীক আদৰিবলৈ ক'ৰবাত যদি জীয়াৰী-বোৱাৰী ব্যস্ত পিঠা-পনা বনোৱাত, আন ক'ৰবাত আকৌ ব্যস্ত ভেলাঘৰ সজাত। নগাঁৱৰ বঢ়মপুৰৰ পানীগাঁও অঞ্চলৰ একাংশ যুৱতীয়ে বিগত এসপ্তাহ ধৰি কৰা শ্ৰমৰ বিনিময়ত সাজি উলিয়ালে তাহানিতে প্ৰচলিত এটা পৰম্পৰাগত ভেলাঘৰ। আধুনিকতাক পাহৰি এই পৰম্পৰাগত ভেলাঘৰটোৱে মনত পেলাই দিলে অসমীয়া সমাজখনৰ সেই পুৰণি ভেলাঘৰটিৰ তাৎপৰ্যৰ কথা।
গাঁওখনৰ যুৱতীসকলে নিজেই নৰা আৰু বাঁহ কাটি সাজি উলিয়ালে এই ভেলাঘৰটো। উৰুকাৰ নিশা এই ভেলাঘৰটোত সকলোৱে লগে-ভাগে এসাঁজ খোৱাৰ লগতে পুৱা ভেলাঘৰৰ মেজিৰ জুইত দাহ কৰিব নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ প্ৰতিলিপি। অকল যুৱতীসকলে সাজি উলিওৱা ভেলাঘৰটিয়ে এতিয়া সমগ্ৰ বঢ়মপুৰ অঞ্চলতে বিশেষ চৰ্চাৰ বিষয় হৈ পৰাৰ লগতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
- Log in to post comments
- 62 views