নগাঁৱত ভোগালী বিহু উপলক্ষে ভোগালীৰ এসাঁজ শীৰ্ষক অনুষ্ঠান

নগাঁৱত ভোগালী বিহু উপলক্ষে ভোগালীৰ এসাঁজ শীৰ্ষক অনুষ্ঠান

কৰুণাময় আঁচনি, অসমৰ উদ্যোগত বিগত বছৰকেইটাৰ দৰে এইবাৰো "ভোগালীৰ এসাঁজ" শীৰ্ষক অনুষ্ঠান আজি অনুষ্ঠিত হয়। নগাঁও চহৰৰ আমোলাপট্টিস্থিত ডাঃ বসন্ত শইকীয়াৰ বাসভৱনত আয়োজিত এক অনুষ্ঠানত অতি দৰিদ্ৰ লোকক ভোগালী বিহু উপলক্ষে চাউল, দাইলৈকে ধৰি ভোগালীৰ সামগ্ৰী বিতৰণ কৰে। এই উপলক্ষে ডাঃ বসন্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত কূঞ্জমোহন ভূঞা, ৰঞ্জিত তামুলী ফুকন, বাবুল বৰা আদিয়ে ভাষণ প্ৰদান কৰি কৰুণাময় আঁচনিৰ বিষয়ে ব্যাখ্যা দাঙি ধৰাৰ লগতে আঁচনিখনৰ জৰিয়তে দৰিদ্ৰ লোকক সহায় কৰি অহাৰ কথা উল্লেখ কৰে।

নগাঁৱত ভোগালী বিহু উপলক্ষে ভোগালীৰ এসাঁজ শীৰ্ষক অনুষ্ঠান

সভাত কৰুণ্য ভট্টাচাৰ্য, গীতা ভূঞা, প্ৰভাত শইকীয়া, মানু শইকীয়া, নিজৰা শইকীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। এই সভাতেই শতাধিক দৰিদ্ৰ লোকক ভোগালীৰ খাদ্য-সামগ্ৰী বিতৰণ কৰা হয়। উল্লেখ্য যে কৰুণাময় আঁচনি, অসমে বিগত ১৩ বছৰে দৰিদ্ৰ লোকক ভোগালীৰ সামগ্ৰী বিতৰণ কৰি আহিছে। কৰুণাময় আঁচনি, অসমৰ এই প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে। সভাৰ আৰম্ভণিতে এই আঁচনিৰ লগত জড়িত প্ৰয়াত চিকিৎসক জীতেন গোহাঁইৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

Your Comments