অসমৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই এই বিধেয়ক বাতিলৰ দাবীত আজি বঙাইগাঁৱত ৰাজপথলৈ ওলাই আহিল বঙাইগাঁও জিলা শিল্পী সমাজ৷ বঙাইগাঁও জিলা শিল্পী সমাজে বিধেয়কখন বাতিল কৰাৰ দাবীত বিভিন্ন গীত পৰিৱেশন কৰি বঙাইগাঁও চহৰত এক প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰে৷
চহৰখনৰ বৰপাৰা ৰাজহুৱা খেলপথাৰৰ পৰা উলিওৱা প্ৰতিবাদী সমদল চহৰখনৰ মায়াপুৰী তিনিআলি হৈ জিলা উপায়ুক্ত কাৰ্যালয়, বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যায়ৰৰ সন্মুখেৰে আহি পুনৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত সামৰণি পৰে৷ সমদলত অংশ লোৱা শিল্পীসকলে গোটেই পথছোৱাত 'আহ আহ ওলাই আহ সজাগ জনতা, এই জুই জ্বলিছে জ্বলিবই, সংগ্ৰাম চলিছে চলিবই' আদি গীত পৰিৱেশন কৰাৰ লগতে হাতে হাতে নাগৰিকত্ব বিধেয়ক মানি লোৱা নহ'ব, জাতি-মাটি-ভেটি বিক্ৰী কৰা বিজেপি চৰকাৰ হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ আদি লেখা প্লেকাৰ্ড লৈ জয় আই অসম, আহ ঐ আহ ওলাই আহ শ্লোগান দি মুখৰিত কৰি তোলে৷
প্ৰতিবাদী সমদল কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমতি আৰু সাংবাদিকেও অংশগ্ৰহণ কৰে৷ ইপিনে প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত বঙাইগাঁও জিলা শিল্পী সমাজৰ সভাপতি দীপক দাসে সংবাদ মাধ্যমৰ আগত কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে মিলি নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বোজা অসমৰ ওপৰত জাপি দিব বিচৰা কাৰ্যত আমি মৰ্মাহত হৈছো৷
দল-সংগঠনৰ ইমান প্ৰতিবাদ সত্ত্বেও তেওঁলোকে যি নাগৰিকত্ব সংশোধনী বিধেয়ক আমাৰ ওপৰত জাপি দিব বিচাৰিছে সেই কাৰ্যক আমি শিল্পী সমাজেই নহয় অসমৰ ৰাইজে কেতিয়াও মানি নলয়৷ তেওঁলোকে বিভিন্ন ধৰণৰ যুক্তি দেখুৱাই এতিয়া এই বিধেয়কখন আমাৰ ওপৰত জাপি দিয়াৰ কাৰণে চক্ৰান্ত চলাইছে৷ কিন্তু আমাৰ স্পষ্ট কথা, বিদেশী বিদেশীয়েই৷ ইয়াৰ মাজত কোনো হিন্দু-মুছলমান জাতি বুলি থাকিব নালাগে৷
সেয়ে ধৰ্মীয় ভিত্তিত বিদেশীক আশ্ৰয় দিব বিচৰা চৰকাৰৰ এনে কাৰ্যক আমি শিল্পী সমাজৰ লগতে বঙাইগাঁওবাসী ৰাইজে কেতিয়াও মানিব নোৱাৰো আৰু ভৱিষ্যতলৈ আমি ইয়াৰ প্ৰতিবাদ কৰি যাম৷ প্ৰয়োজনত ইয়াতকৈ তীব্ৰ প্ৰতিবাদ কৰিম আৰু গাঁও অঞ্চললৈ সোমাই গৈ জনগণৰ মাজত জনজাগৰণ অনাৰ বাবে প্ৰচেষ্টা চলাব বুলিও কয়৷
- Log in to post comments
- 17 views