গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
অসম গণ পৰিষদ দলৰ জন্মস্থান গোলাঘাটত আজি নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে পুনৰ জাঙুৰ খাই উঠে দলটোৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা। গোলাঘাট জিলা অগপ মুখ্য কাৰ্যালয়ত সাংবাদিকেৰে হোৱা বাৰ্তালাপত বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি সভাপতি বৰাই কয়- "কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে বিধেয়কখন আইনলৈ পৰিণত কৰিম বুলি কোৱাৰ পিছতেই আমি বিজেপিৰ লগত মিত্ৰতা ভংগৰ সিদ্ধান্ত লওঁ। কেৱল ভোট বেংকৰ স্বাৰ্থত জাতিটোৰ স্বাৰ্থ বিঘ্নিত কৰাৰ পৰিপন্থী অগপ আৰু সেয়ে বিজেপিৰ লগত মিত্ৰতা ভংগ কৰোঁ।" তেওঁ জেপিচিৰ সদস্য হিচাপে থকা বিজেপিৰ দুই নেতা কামাখ্যা প্ৰসাদ তাচা আৰু ৰমেন ডেকাই জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা নকৰাটোত তীব্ৰ সমালোচনা কৰে।
লগতে বৰাই লোকসভাত বিধেয়কখন গৃহীত হোৱাৰ পাছত ৰাজ্যসভাত বিধেয়খনৰ বিৰোধিতা কৰিবলৈ এনডিএ চৰকাৰৰ অংশীদাৰ দলসমূহৰ লগতে ৰাজ্যসভাৰ অধিকাংশ আসন থকা কংগ্ৰেছ দলৰ ভুৱনেশ্বৰ কলিতাকো অগপ দলে সাক্ষাৎ কৰি বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়। আজি সংবাদমেলত অগপৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কয় যে, বিদেশী বিতাড়নৰ বাবে হোৱা ঐতিহাসিক অসম আন্দোলনৰ অন্তত জন্মলাভ কৰা অগপ দলে জাতিধ্বংসী বিধেয়কখন কোনো কাৰণতে মানি নলয়। লগতে বিধেয়কখনৰ বিৰোধিতাৰ স্বাৰ্থত আছুৰ নেতৃত্বত ২৮টা আৰু কৃষক মুক্তিৰ নেতৃত্বত ৭০টা জাতীয় সংগঠনৰ লগতো সহযোগিতা আগবঢ়াব বুলি কাৰ্যকৰী সভাপতি কেশৱ মহন্তই সংবাদমেলত উল্লেখ কৰে।
- Log in to post comments
- 59 views