নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি সৰব হৈ পৰে নগাঁৱৰ অধিবক্তা সমাজ। নগাঁৱৰ উকীল সন্থাৰ কাৰ্যালয়ৰ সন্মুখত অধিবক্তাসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাবস্ত্য কৰাৰ লগতে শীঘ্ৰে বিধেয়কখন বাতিল কৰাৰ দাবী জনায়। ইপিনে কলিয়াবৰ উকীল সন্থাই বিধেয়কখন বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট বাতিল কৰাৰ দাবী জনায়।
আনহাতে কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আইৰ নগাঁও জিলা সমিতিয়ে বিধেয়কখনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাবস্ত্য কৰে। নগাঁও চহৰৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত নগাঁও জিলা এন এছ ইউ আইয়ে ৪ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। এন এছ ইউ আইৰ বিধেয়ক বাতিল হ'ব লাগিব, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, বিজেপি হায়, হায় আদি ধ্বনিৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে। প্ৰতিবাদ স্থলিতে এন এছ ইউ আইৰ ৫জন সদস্যই মুণ্ডন কৰি বিধেয়কখন বাতিল কৰিবলৈ চৰকাৰক দাবী জনায়।
- Log in to post comments
- 16 views