নগাঁৱত দুই বিশিষ্ট ব্যক্তিৰ মৃত্যুত শোক 

ো

নগাঁও চহৰৰ পূৱ আমোলাপট্টি নিবাসী তথা অৱসৰপ্ৰাপ্ত ৰাজপত্ৰিত বিষয়া মুকুল হাজৰিকাৰ(৬৬) বৃহস্পতিবাৰে পৰলোকপ্ৰাপ্তি ঘটে। হাজৰিকাই কেইদিমানৰ পূৰ্বে গোৱাত ফুৰিবলৈ গৈছিল আৰু গোৱাত থকা অৱস্থাতে তেওঁ হঠাৎ অসুস্থ হৈ পৰাত তেওঁক চিকিৎসাধীণ কৰা হয়। চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।

চৰকাৰী বিষয়া হিচাপে অতি নিষ্ঠাবান হাজৰিকাৰ অন্তৰত সদায় জাতীয়তাবাদী চিন্তাৰ উন্মেষ ঘটিছিল। অতি অমায়িক স্বভাৱৰ, বিভিন্ন সামাজিক-সাংস্কৃতিক কামকাজৰ লগত জড়িত মুকুল হাজৰিকাৰ মৃত্যুত সমগ্ৰ নগাঁৱত শোকৰ ছাঁ পৰিছে । হাজৰিকাৰ মৃত্যুত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাকে ধৰি নগাঁও চহৰ আৰু  আমোলাপট্টি অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে । মৃত্যুৰ সময়ত হাজৰিকাই পত্নী, দুই পুত্ৰ সহ বহু আত্মীয়ক ইহসংসাৰত এৰি থৈ গৈছে।     

আনহাতে নগাঁও চহৰৰ জগন্নাথ মন্দিৰ পথ নিবাসী তথা স্থপতিবিদ (আৰ্কিটেক্ট অভিযন্তা) অমিত সেনগুপ্ত (৬২)ৰ বৃহস্পতিবাৰে নিশা নগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। তেওঁ কিছুদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। এগৰাকী সফল অভিযন্তা হিচাপে স্বীকৃতি লাভ কৰা অমিত সেনগুপ্ত নগাঁৱৰ বিভিন্ন সামাজিক কামকাজৰ লগত জড়িত হৈ আছিল। সেনগুপ্তৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ পৰিছে ।

তেওঁৰ মৃত্যুত অসম বঙালী সমাজ, নগাঁও বঙালী সন্মিলনী, নগাঁও নাগৰিক সমাজ, কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাই, বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, পু্ত্ৰ আৰু কন্যাসহ বহু আত্মীয়ক ইহসংসাৰত এৰি থৈ গৈছে। 

Your Comments