কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক তথা জনবিৰোধী নীতিৰ বিৰুদ্ধ ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহে কালিৰে পৰা আহ্বান জনোৱা দেশজোৰা ৪৮ ঘন্টীয়া সাধাৰণ ধৰ্মঘটৰ প্ৰভাৱ বঙাইগাঁৱতো পৰিলক্ষিত হয় ৷ সাধাৰণ ধৰ্মঘটৰ ফলত বঙাইগাঁও চহৰৰ দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, বেংক তথা বীমা প্ৰতিষ্ঠান আদি বন্ধ থকাৰ লগতে যান-বাহনৰো চলাচল বন্ধ থাকে ৷
ইপিনে পুৱাৰ ভাগত চহৰখনৰ পাগলাস্থান তিনি আলিত একাংশ পিকেটিংকাৰীয়ে দোকান আদি বন্ধ কৰাৰ লগতে বিদ্যালয়ৰ শিক্ষাৰ্থী কঢ়িয়াই নিয়া বাহনকে ধৰি সৰু-বৰ যান-বাহনৰ চলাচলত বাধা প্ৰদান কৰে৷ সেইদৰে চহৰখনৰ উত্তৰ বঙাইগাঁৱৰ বি অ চি গেটত ধৰ্মঘটৰ এংকাশ সমৰ্থকে বলপূৰ্বকভাৱে দোকান বন্ধ কৰি দিয়াৰো অভিযোগ উত্থাপিত হৈছে৷ আনহাতে সাধাৰণ ধৰ্মঘটৰ সমৰ্থনত বঙাইগাঁৱৰ ট্ৰেড ইউনিয়নসমূহৰ যৌথ মঞ্চই চহৰখনত এক প্ৰতিবাদী সমদল উলিওৱাৰ লগতে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰে ৷
প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন ট্ৰেড ইউনিয়ন, গণতান্ত্ৰিক মহিলা সমিতি আৰু সহযোগী সংগঠনসমূহে অংশগ্ৰহণ কৰে৷ প্ৰতিবাদকাৰীসকলে পাগলাস্থানৰ পৰা হাতে হাতে বিভিন্ন বেনাৰ আৰু দাবী সম্বলিত প্লে-কাৰ্ডলৈ বিভিন্ন শ্লোগানেৰে গোটেই পথচোৱা মুখৰি কৰি সমদল কৰি আহি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখনত উপস্থিত হৈ পথৰ ওপৰত বহি লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে কৰ্পৰেটৰ দালাল বিজেপি চৰকাৰ হুচিয়াৰ, আম্বানী-আদানীৰ দালাল নৰেন্দ্ৰ মোডী হায় হায়, ভাৰত বন্ধ সফল কৰক, সৰ্বানন্দ সোণোৱাল চৰকাৰ হুচিয়াৰ, ঠিকাভিত্তিত শ্ৰমিক-কৰ্মচাৰী নিয়োগ কৰা বন্ধ কৰক আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷
পিচত জিলাৰ অতিৰিক্ত উপায়ুক্ত অনুপম ডেকা প্ৰতিবাদস্থলীত উপস্থিত হয় আৰু প্ৰতিবাদকাৰীসকলক প্ৰতিবাদী কাৰ্যসূচী উঠাই ল'বলৈ আহ্বান জনায় যদিও প্ৰতিবাদকাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখে ৷ ইয়াৰ পিচতে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰিবলৈ বাধ্য হয় আৰু চি আই টি ইউৰ নেতা হৰেশ্বৰ দাসক বলপূৰ্বকভাৱে প্ৰতিবাদস্থলীৰ পৰা দাঙি আনি বাহন উঠোৱাৰ লগতে বাকীসকলকো বাহনত তুলি সদৰ থানালৈ লৈ যায় ৷
আৰক্ষীয়ে প্ৰায় ডেৰ শতাধিক প্ৰতিবাদকাৰীক আটক কৰি নিয়ে যদিও পিচত মুকলি কৰি দিয়ে৷ ইপিনে চি আই টি ইউ নেতা হৰেশ্বৰ দাসে সংবাদ মাধ্যমৰ আগত কয় যে এই সাধাৰণ ধৰ্মঘট আনন্দৰ কোনো আনন্দৰ কাৰণে লোৱা হোৱা নাই৷ এই ধৰ্মঘটৰ জৰিয়তে শ্ৰমিকসকলে তেওঁলোকৰ অধিকাৰ ৰক্ষা কৰিব বিচাৰিছে ৷ আমি দেখিবলৈ পাইছো যে নৰেন্দ্ৰ মোডীৰ চৰকাৰ বা সৰ্বানন্দ সোণোৱালৰ চৰকাৰে কোনো এটা কামেই সাধাৰণ গৰীৱ ৰাইজৰ কাৰণে কৰা নাই ৷
তেওঁলোকে কেৱল জাতিধ্বংসী বিধেয়কখন আনি মানুহৰ মাজত ভেদ-ভাৱ সৃষ্টি কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰিছে৷ আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছো ৷ সেয়ে আমি বঙাইগাঁৱতো তেওঁলোকৰ এনে নীতিহীন ৰাজনীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্থ কৰিছো ৷
উল্লেখ্য যে মূল্যবৃদ্ধি ৰোধ কৰা, ৰাজহুৱা শিল্প-প্ৰতিষ্ঠান ব্যক্তিগতকৰণ বন্ধ কৰা, এন পি এছ বাতিল কৰা, শ্ৰমিকৰ ন্যূনতম মজুৰি মাহিলী ১৮ হেজাৰ টকা ধাৰ্য কৰা, দেশী-বিদেশী মালিকৰ স্বাৰ্থত শ্ৰম আইন সংশোধন বন্ধ কৰা আদি বিভিন্ন দাবীত ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহে দেশজুৰি ৪৮ ঘন্টীয়া সাধাৰণ ধৰ্মঘটৰ আহ্বানত জনাইছিল৷
- Log in to post comments
- 4 views