চেঙাৰ পৰা সুৰজিৎ পাঠক
ৰাজ্যখনৰ প্ৰতিবাদী ইতিহাসত এক নজিৰ সৃষ্টি কৰি এখনৰ পাছত এখনকৈ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে আৰম্ভ কৰিছে শ্ৰেণী বৰ্জন কাৰ্যসূচীৰ। বহু বিতৰ্কিত তথা অসমীয়া জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যখনৰ বহুকেইখন প্ৰতিষ্ঠিত মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ দৰে বৰপেটা জিলাৰ নগাঁওস্থিত বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ ছাত্ৰ সমাজেও অৱশেষত গ্ৰহণ কৰিলে অনিৰ্দিষ্টকালীন শ্ৰেণী বৰ্জন কাৰ্যসূচী।
বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি মেহবুব ৰহমান আৰু সাধাৰণ সম্পাদক ইমৰাণ হুছেইনে বিধেয়কখনৰ তীব্ৰ বিৰোধিতা আৰু বাতিলৰ দাবীত কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ শ্ৰেণী বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰা বুলি উল্লেখ কৰে।
- Log in to post comments
- 24 views