গোলাঘাটত দ্বিতীয় দিনাও অব্যাহত প্ৰতিবাদ

গোলাঘাটত দ্বিতীয় দিনাও অব্যাহত প্ৰতিবাদ

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত আজিও সৰৱ গোলাঘাটৰ বিভিন্ন সংগঠন। ঐক্য মঞ্চ অসমৰ গোলাঘাট জিলা সমিতিৰ অৰ্ধ-উলংগ প্ৰতিবাদত কঁপিল গোলাঘাট আৰক্ষী চকী। প্ৰায় ২০জন ঐক্য মঞ্চৰ কৰ্মীয়ে অৰ্ধ-উলংগ দেহেৰে গোলাঘাটৰ পুৰাবাংলাৰ পৰা গোলাঘাট চহৰলৈ পদপথেৰে আহি থকা অৱস্থাত আদবাটতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। থানাৰ চৌহদত প্ৰৱেশ কৰিও প্ৰতিবাদ৷

গোলাঘাটত দ্বিতীয় দিনাও অব্যাহত প্ৰতিবাদ

ছাত্ৰ কৰ্মীকেইজনে বিজেপি গ'-বেক, আৰ এছ এছ হুঁচিয়াৰ আদি শ্লোগানেৰে থানাৰ চৌহদত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে। ইফালে অসমীয়া যুৱ মঞ্চৰ গোলাঘাট জিলা সমিতিয়েও গোলাঘাট চহৰৰ বাটা পইণ্টত চন্দ্ৰমোহন পাটোৱাৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত লোৱা ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰি প্ৰতিকৃতি দাহ কৰি ক্ষোভ উজাৰে। আনহাতে, আজি সদৌ গোলাঘাট ছাত্ৰ সন্থাৰ ছেৱাগুৰি অধিবেশনত অসমৰ যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ'ব জুবিন গাৰ্গে অংশ লৈ নৰেন্দ্ৰ মোডী চৰকাৰৰ ওপৰত খং উজাৰে।
 

Your Comments