যেতিয়ালৈকে আমি সম্পূৰ্ণৰূপে আইনগতভাৱে জনজাতিকৰণৰ মৰ্যাদা লাভ নকৰিম, তেতিয়ালৈকে আমি জনজাতিকৰণ হোৱা বুলি আশা কৰিব নোৱাৰো আৰু বিষয়টোত নিশ্চিত হ'ব নোৱাৰো৷ এই মন্তব্য আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনৰ৷ আজি কেন্দ্ৰৰ বিজেপি চৰকাৰে অসমৰ কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবীটো অৱশেষত মানি লৈ কেবিনেটত অনুমোদন জনোৱাৰ লগতে লোকসভাত উত্থাপন কৰাৰ পিচত প্ৰতিক্ৰিয়া জানিব বিচৰাত আক্ৰাছু নেতাগৰাকীয়ে কয়- আমি ইয়াৰ পূৰ্বেও কৈছিলো যে এতিয়া লোকসভা নিৰ্বাচন কাষ চাপি আহিছে আৰু যাৰ কাৰণে বিজেপি নেতৃত্বাধীন চৰকাৰে আগন্তুক লোকসভা নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ কাৰণে যিকোনো কৌশল ৰচনা কৰিব পাৰে৷ সেয়ে আমি এতিয়াও জনজাতিকৰণৰ বিষয়টোক লৈ শংকিত৷ কাৰণ বিধানসভা নিৰ্বাচনৰ সময়ত মডেলিটী কমিটী গঠন কৰি দিয়াৰ তিনি মাহৰ পিতচে জনজাতিকৰণক মৰ্যাদা দিব বুলি বিজেপি দল তথা চৰকাৰে প্ৰতিশ্ৰুতি দিছিল৷
কিন্তু বিগত দিনসমূহত আমি দেখিলোঁ যে জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত মডেলিটী কমিটীয়ে কোনো প্ৰতিবেদনেই দাখিল নকৰিলে৷ আমি মডেলিটী কমিটীৰ ক্ষেত্ৰত আপত্তি আছে বুলিও কৈছিলোঁ৷ যিহেতুকে কোচ ৰাজবংশী জনগোষ্ঠীক ১৯৯৬ চনত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিছিল, সেয়ে তাৰ ভিত্তিতে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা লাগিব বুলি আমি স্পষ্টভাৱে কৈছিলোঁ৷ শেহতীয়াভাৱে আজি আমি জনজাতিকৰণৰ বিষয়টো লোকসভাত উত্থাপন কৰা দেখিলোঁ আৰু মডেলিটী সমিতিয়ে প্ৰতিবেদন দাখিল কৰিছে৷ মডেলিটী সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ ক্ষেত্ৰত এতিয়া প্ৰশ্নবোধক চিন আহি পৰিছে৷ কিয়নো ইমান দিনে আমি শংকিত হৈ আছিলোঁ যে মডেলিটী কমিটী গঠন কৰিলে বিভিন্ন স্বায়ত্তশাসিত অঞ্চলসমূহত কোচ ৰাজবংশীসকলক ৰাজনৈতিক অধিকাৰ, ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব৷
সেয়ে মডেলিটী কমিটীৰ প্ৰতিবেদনত প্ৰকৃত জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কি কি বিষয় সন্নিবিষ্ট থাকিল তাক উল্লেখ নকৰাত আমি এতিয়া সন্দেহত ভুগিছোঁ৷ আমি স্পষ্টভাৱে কৈছোঁ যে কোনো কাৰণতে সম্পূৰ্ণ জনজাতিকৰণৰ মৰ্যাদা যদি প্ৰদান নকৰে তেতিয়াহ'লে আমি জনজাতিকৰণ মানি নলওঁ৷ লোকসভাত গৃহীত হোৱাৰ পিচত ৰাজ্যসভালৈ যাব৷ তাৰ পিচত ৰাষ্ট্ৰপতিলৈ যাব৷ গতিকে এটা পৰ্যায় আছে৷ গতিকে সম্পূৰ্ণৰূপে যেতিয়ালৈকে আমি আইনগতভাৱে জনজাতিকৰণৰ মৰ্যাদা লাভ নকৰিম তেতিয়ালৈকে কেৱল সদনত উত্থাপন কৰিলেই জনজাতিকৰণ হোৱা বুলি কোনো কাৰণতে আশা কৰিব নোৱাৰো৷ আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম বন্ধৰ কাৰ্যসূচী চলি থকাৰ সময়তে চৰকাৰে জনজাতিকৰণৰ ইছ্যুটো কেবিনেটত অনুমোদন জনোৱাৰ লগতে সংসদত উত্থাপন কৰি ডিভাইড এণ্ড ৰুল পলিচী গ্ৰহণ কৰিছে নেকি বুলি সাংবাদিকে প্ৰশ্ন কৰাত আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰাৰ কাৰণে ছয় জনগোষ্ঠীক সন্তুষ্ট কৰি তেওঁলোকে এই ক্ষেত্ৰত হয়তো কিবা এটা কৌশল ৰচনা কৰিব পাৰে যদিও এতিয়াই আমি এই বিষয়ত স্পষ্ট কৈ ক'ব নোৱাৰো৷
কিয়নো আমি সুদীৰ্ঘ দিন ধৰি জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছোঁ আৰু ১৯৯৬ চনত আমি জনজাতিকৰণৰ মৰ্যাদা লাভ কৰিছিলোঁ৷ ২৩ বছৰ ধৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ৷ আজিও আমি অসম বন্ধৰ আহ্বান জনাই প্ৰতিবাদ সাব্যস্ত কৰি আছোঁ৷ সেয়ে আমি ক'ব বিচাৰিছোঁ যে যেতিয়ালৈকে সম্পূৰ্ণ পৰ্যায়ৰ আইনত ৰূপান্তৰিত নহ'ব, তেতিয়ালৈকে জনজাতিকৰণ লাভ কৰা বুলি আমি নিশ্চিত নহয়৷ যদি এই ক্ষেত্ৰত বিজেপি চৰকাৰে সম্পূৰ্ণ প্ৰক্ৰিয়া আৰম্ভ কৰি আইনগতভাৱে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰে, তেতিয়াহ'লে এই ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰক আদৰণি জনাইছোঁ বুলিও কয়৷ ইপিনে কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়ে কয় যে কোচ ৰাজবংশী জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীৰ যি জনজাতিকৰণৰ সমস্যা তথা দাবীটো সমাধানৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে বিষয়টো সংসদত উত্থাপন কৰাক লৈ আমি যিমান উৎসাহিত হ'ব লাগিছিল আমি সিমান উৎসাহিত হ'ব পৰা নাই আৰু সিমান আনন্দিতও হ'ব পৰা নাই৷
অৱশ্যে মনত কিছু ভাল লাগিছে, কিছু ভাল খবৰৰ কাৰণে৷ কিন্তু আমি ইমান উৎফুল্লিত নহয়৷ আমি আজি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে এয়া যাতে আগন্তুক নিৰ্বাচনকেন্দ্ৰিক ললিপপ নহয়৷ লোকসভাত বিধেয়কখন গৃহীত কৰি কাইলৈ ৰাজ্যসভাত গৃহীত কৰাৰ পিচত এইখন আইন আকাৰে প্ৰস্তুত কৰক৷ তেতিয়াহে আমি বিজেপিক সম্পূৰ্ণভাৱে ধন্যবাদ জনাম, অভিনন্দন জনাম আৰু সকলো প্ৰকাৰে বিজেপিক সহযোগ কৰিম৷ সেইদৰে সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায়ে কয় যে প্ৰথমে সম্পূৰ্ণ ৰূপত বিধেধয়কখন সংসদত উত্থাপন কৰি গৃহীত কৰক আৰু তাৰ পিচত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে যিখিনি যাৱতীয় কাম আছে সেইখিনি সম্পূৰ্ণ কৰক৷ তাৰ পিচত যদি আইনীভাৱে আমাক জনজাতিকৰণৰ মৰ্যাদা দিয়ে তেতিয়াহ'লে নিশ্চয় আমি প্ৰধান মন্ত্ৰী তথা ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰক ধন্যবাদ জনাম৷ জনজাতিকৰণ হ'ব বুলি এতিয়াই ক'ব পৰা নাযায়৷ কাৰণ বিধেয়কখন লোকসভা আৰু ৰাজ্যসভাত গৃহীত হ'ব লাগিব আৰু তাৰ পিচত আইনত পৰিগণিত হ'ব লাগিব বুলিও কয়৷
- Log in to post comments
- 113 views