অসমৰ বঙালী সম্প্ৰদায়ৰ অন্যতম শক্তিশালী মঞ্চ নগাঁও বাংগালী সন্মিলনীৰ ১২৫সংখ্যক জন্মজয়ন্তী উৎসৱৰ সামৰণী উৎসৱ আজিৰে পৰা ৭দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। সামৰণী উৎসৱৰ লগত সংগতি ৰাখি উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যভিত্তিক একত্ৰিংশতিতম বাৰ্ষিক সাংস্কৃতিক উৎসৱ আৰম্ভ হৈছে। আজিৰে পৰা ১২৫ বছৰ পূৰ্বে নগাঁও চহৰত গঠন হোৱা নগাঁও বাঙ্গালী সন্মিলনীয়ে বিগত বৰ্ষৰ পৰা ১২৫সংখ্যক জন্মজয়ন্তী উৎসৱ বছৰজোৰা কাৰ্যসূচীৰে পালন কৰি আহিছে।
আজি পুৱা নগাঁও চহৰৰ মহাত্মা গান্ধী পথত থকা সন্মিলনীৰ মঞ্চৰ সন্মুখত নগাঁও চহৰৰ ১২৫গৰাকী বিশিষ্ট ব্যক্তিয়ে ১২৫খন পতাকা উত্তোলনেৰে সামৰণী উৎসৱৰ শুভাৰম্ভ কৰে। মূল পতাকা উত্তোলন কৰে সন্মিলনীৰ সভাপতি ৰবিশংকৰ মজুমাদাৰে। ইয়াৰ পিছতে অনুষ্ঠিত হয় স্মৃতি তৰ্পণ অনুষ্ঠান।
আজি পুৱা ৯ বজাত উলিওৱা সাংস্কৃতিক শুভাযাত্ৰা উদ্বোধন কৰে ৰে'ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইয়ে। উদ্বোধনী ভাষণত মন্ত্ৰীগৰাকীয়ে কয়- এটা অনুষ্ঠানে ১২৫ বছৰ অতিক্ৰম কৰাটো এক উল্লেখযোগ্য পৰিঘটনা। অসমৰ সমাজ জীৱনলৈ বঙালী সন্মিলনীৰ অৱদানৰ কথা উল্লেখ কৰি তেওঁ অসমৰ সাম্প্ৰতিক পৰিস্থিতিত সকলোকে সু-চিন্তিতভাৱে আগবাঢ়িবলৈ আহ্বান জনায়। দুপৰীয়া অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতা উদ্বোধন কৰি দিয়া ভাষণত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই সন্মিলনীয়ে সাংস্কৃতিক, সামাজিক আদি সকলো ক্ষেত্ৰতে অৰিহণা আগবঢ়াই আহিছে বুলি মন্তব্য কৰে।
আজি ৰবীন্দ্ৰ সংগীত, নজৰুল সংগীত, খেয়াল, সমবেত সংগীত, সৃষ্টিশীল নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধ্যা বন্তি প্ৰজ্বলন আৰু স্মাৰক গ্ৰন্থ উন্মোচন কৰা হয়। আনহাতে, কাইলৈ সাত জানুৱাৰীৰ পৰা ১২ জানুৱাৰী বিয়লিলৈকে লঘু শাস্ত্ৰীয় নৃত্য, নজৰুল গীত, ৰবীন্দ্ৰ সংগীত, ভূপেন হাজৰিকাৰ গীত, একাংক নাট প্ৰতিযোগিতা, কবিতা আবৃত্তি, শব্দজাল, কুইজ, চিত্ৰাংকন, লোকগীত, সমবেত সংগীত, আল্পনা, তৰ্ক প্ৰতিযোগিতা, সাৰেগামা (সুৰেৰ আকাশ), ৰচনা, বৌউৰানী আদি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।
১২ জানুৱাৰীত দুপৰীয়া মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। ১২ জানুৱাৰীলৈকে হ'বলগা সমূহ কাৰ্যসূচী সফল কৰি তুলিবলৈ উদ্যাপন সমিতিৰ সাধাৰণ সম্পাদক আস্তিক সাহা আৰু যুটীয়া আহ্বায়ক শংকৰ দাস, জীৱন বণিকে আহ্বান জনাইছে।
- Log in to post comments
- 33 views