নগাঁও অসামৰিক চিকিৎসালয়ত নৱজাতক মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

নগাঁও অসামৰিক চিকিৎসালয়ত নৱজাতক মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

আজি সন্ধিয়া নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এটি নৱজাতক শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰামতে, নগাঁও চহৰৰ পৰা ১২ কিঃমিঃ নিলগৰ ৰণথলি অঞ্চলৰ বৰ্ণালী কলিতা নামৰ এগৰাকী প্ৰসূতি মহিলাক সন্তান প্ৰসৱৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মাতৃমঙ্গল কক্ষত ৩ জানুৱাৰীৰ সন্ধ্যা ভৰ্তি কৰায়।

মহিলাগৰাকীয়ে সেইদিনাই এটি পুত্ৰ সন্তান জন্ম দিয়ে। শুকুৰবাৰে নিশাৰ ভাগত শিশুটিয়ে আমনি কৰাত পৰিয়ালৰ লোকে চিকিৎসকক বিচাৰি নাপাই চিকিৎসা কৰ্মীৰ কাষ চাপে যদিও চিকিৎসা কৰ্মীয়ে তেওঁলোকক দূৰ্ব্যৱহাৰ কৰাৰ লগতে নৱজাতকটিৰ বিশেষ চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে।

আজি সন্ধিয়া নৱজাতকটিৰ উপযুক্ত চিকিৎসাৰ অভাৱৰ বাবেই মৃত্যু হয় বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। উল্লেখ্য যে ইতিপূৰ্বেও চিকিৎসালয়খনত বহুকেইটা নৱজাতক মৃত্যুৰ ঘটনা সংঘটিত হৈছে।
 

Your Comments