নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শিলচৰত কৰা মন্তব্যৰ প্ৰতিবাদত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে নগাঁও চহৰৰ মতিৰাম বৰা পাৰ্কৰ সন্মুখত প্ৰধান মন্ত্ৰী মোডীৰ প্ৰতিকৃতি দাহ কৰে। পৰিষদৰ সদস্যসকলে বিশ্বাসঘাতক নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, বিজেপি হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবই লাগিব আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।
পৰিষদৰ নগাঁও জিলাৰ সভাপতি দ্বীপমণি বৰা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বণিয়াই বিধেয়কখন শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনাই কয়- ধৰ্মৰ ভিত্তিত বিদেশীৰ মেৰু বিভাজন কোনো কাৰণতে মানি লোৱা নহ'ব। বিধেয়কখন শীঘ্ৰে বাতিল নকৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপি দল কঠোৰ পৰিস্থিতিৰ সন্মূখীন হ'ব লাগিব বুলি পৰিষদে চৰকাৰক সতৰ্ক কৰি দিয়ে।
আনহাতে, অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ নগাঁও জিলা সমিতিয়ে আজি নগাঁও চহৰৰ জয়শ্ৰী চিনেমা হলৰ ওচৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত প্ৰধান মন্ত্ৰীয়ে গ্ৰহণ কৰা অসমবিৰোধী স্থিতিৰ প্ৰতিবাদত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰি আন এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। যুৱ পৰিষদে নৰেন্দ্ৰ মোডী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে বিভিন্ন ধ্বনিও দিয়ে।
- Log in to post comments
- 33 views