সম্প্ৰতি নগাঁও চহৰখনৰ তীব্ৰ যানজঁটৰ সমস্যাই সৰ্বসাধাৰণ ৰাইজক জ্বলা-কলা খুৱাইছে। ভয়াবহ ৰূপ ধাৰণ কৰা যানজঁটৰ সমস্যা সমাধান কৰাৰ বাবে জিলা প্ৰশাসনে শেহতীয়াকৈ চহৰখনত কলিয়াবৰ তথা উজনিৰ পৰা প্ৰৱেশ কৰিবলগা যাত্ৰীবাহী যানবাহনৰ বাবে ডিমৰুগুৰিত, গুৱাহাটীৰ দিশৰ পৰা প্ৰৱেশ কৰা যানবাহনৰ বাবে খুটিকটীয়াত, লংকা, হোজাই আদি অঞ্চলৰ পৰা প্ৰৱেশ কৰিব লগা যানবাহনসমূহৰ বাবে মৰিকলং বাছ আস্থানত আৰু ধিং, মৈৰাবাৰী অঞ্চলৰ পৰা অহা যানবাহনসমূহৰ বাবে ধিং গেটত ৰখোৱাৰ নতুন নিয়ম কৰিছে।
কিন্তু যাত্ৰীবাহী সৰু-বৰ গাড়ীসমূহে এই নিৰ্দিষ্ট স্থানত গাড়ী ৰখোৱাৰ বিপৰীতে গাড়ী চালকসকলে নিজৰ ইচ্ছা অনুসৰি ইফালে-সিফালে ৰখোৱাৰ বাবেই যানজঁটৰ সমস্যাৰ সমাধানৰ বাবে জিলা প্ৰশাসনৰ এই প্ৰচেষ্টা প্ৰহসনত পৰিণত হৈছে। উত্থাপিত অভিযোগ অনুসৰি, নগাঁও চহৰৰ যানবাহন শাখাৰ আৰক্ষীয়ে এই ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে যানজঁটৰ দীৰ্ঘদিনীয়া সমস্যাটোৰ সমাধান হোৱা নাই।
তদুপৰি যানবাহন আৰক্ষীক ভ্ৰূক্ষেপ নকৰি চহৰখনৰ অলিয়ে-গলিয়ে একাংশ স্বাৰ্থন্বেষী লোকে গঢ়ি তুলিছে অবৈধ পাৰ্কিং । বিশেষকৈ চহৰৰখনৰ মাজৰে যোৱা পুৰণা ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ ব্যস্ততাপূৰ্ণ চিভিল গেটৰ ওচৰত লংকা, হোজাই, কামপুৰ, ডিফু আদি অঞ্চললৈ যোৱা যাত্ৰীবাহী গাড়ীসমূহ পথত ৰখাই যাত্ৰী বিচাৰি দীৰ্ঘ সময় অৱস্থান কৰাৰ বাবে তীব্ৰ যানজঁটৰ সৃষ্টি হৈ আহিছে। আনহাতে, মৰিগাঁও বাছ আস্থানত ৰখোৱা গাড়ীসমূহে যাত্ৰীৰ সন্ধানত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকাৰ বাবে প্ৰায়ে পথচোৱাত যানজঁটৰ সৃষ্টি হৈছে।
ইফালে ধিং গেটৰ অভাৰব্ৰীজৰ দুয়োপাৰে বিশেষকৈ যাত্ৰীবাহী ট্ৰেম্পু, টাটা মেজিককে ধৰি অন্যান্য গাড়ীসমূহ জিলাখনৰ উত্তৰ-পশ্চিমাঞ্চলৰ ৰাইজৰ বাবে চহৰখনলৈ প্ৰৱেশ কৰা একমাত্ৰ পথচোৱাত অযথা ৰখাই থোৱাত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে আৰু পথচাৰীয়ে প্ৰায় ডেৰ/দুঘণ্টা পৰ্যন্ত অপেক্ষা কৰিবলগীয়া হৈছে। লগতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ চহৰখনৰ মিচন মাৰ্কেট, জয়শ্ৰী চিনেমা হলৰ সমীপত ব্যাপক যানজঁটৰ সৃষ্টি হোৱাত পথচোৱাৰে যাতায়াত কৰা ৰাইজ চৰম সমস্যাৰ সন্মুখীন হৈ আহিছে।
মন কৰিবলগীয়া যে বিগত কিছুদিন ধৰি খুটিকটীয়াত একাংশ লোকে এটা অবৈধ পাৰ্কিঙৰ ব্যৱস্থা কৰিছে। এই স্থানত কেইগৰাকীমান যুৱকে গুৱাহাটীৰ পৰা অহা যাত্ৰীবাহী গাড়ীসমূহ বলপূৰ্বকভাৱে ৰখাই এক নিৰ্দিষ্ট পৰিমাণৰ ধন আদায় কৰাৰ গুৰুতৰ অভিযোগ উঠিছে।
আনকি, মৰিগাঁও বাছ আস্থানৰ সমীপত, হয়বৰগাঁও আৰক্ষী চকীৰ কাষত, জয়শ্ৰী চিনেমা হলৰ কাষত অবৈধভাৱে যাত্ৰীবাহী গাড়ী ৰখোৱাত যানজঁটৰ সৃষ্টি হৈ আহিছে। এই অবৈধ পাৰ্কিংসমূহত শাসকীয় দলৰ একাংশ যুৱ-মৰ্চাৰ কৰ্মী জড়িত হৈ গাড়ীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে।
মুঠতে নগাঁও চহৰৰ যানবাহন আৰক্ষীয়ে চহৰখনৰ দীৰ্ঘদিনীয়া যানজঁটৰ সমস্যাৰ সমাধান কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। যানবাহন শাখাৰ একাংশ আৰক্ষীয়ে ধনৰ লোভত চলাই যোৱা কেতবোৰ কাৰ্যকলাপকো লৈ ৰাইজৰ মাজত সৰৱ চৰ্চা চলিছে ।
- Log in to post comments
- 26 views