উভতি চাওঁ : নগাঁওবাসীৰ বাবে মিশ্ৰিত ফলাফলৰ বছৰ আছিল ২০১৮

একাধিক  কৃতিত্ব‌ৰে নগাঁওবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে চিত্ৰশিল্পী ৰাজীৱ দাসে

আশাৰ কিৰণ কঢ়িয়াই মেলানি মাগা বছৰটোৱে নগঞা জন-জীৱনলৈ এক ইতিবাচক বাৰ্তা দি গৈছে। বিশেষ খ্যাতি ৰাখি অনন্ত কাললৈ ২০১৮ বৰ্ষ‌ই নগাঁৱৰ স্মৃতি যুগমীয়া কৰি যোৱা গৰিমাৰ ধাৰাই নগঞা সমাজ জীৱনত সদায় প্ৰভাৱ বিস্তাৰ কৰিব। বিদায়ী ২০১৮ বৰ্ষত অসমৰ অন্যতম গুৰুত্বপূৰ্ণ জিলা হিচাপে চিহ্নিত নগাঁও জিলা কেইবাটাও ইতিবাচক ঘটনা-পৰিঘটনাৰে সমৃদ্ধ হোৱাত নগাঁওবাসীক উৎফুল্লিত কৰি ৰাখিছে।

বিদায়ী বৰ্ষটোত নগাঁও জিলাত কেইবাটাও ইতিবাচক কাৰ্য সম্পন্ন হৈছে। ২০১৮ বৰ্ষটোত সাহিত্য, সংস্কৃতি, শিক্ষা, কলা আৰু ক্ৰীড়া আদি ক্ষেত্ৰখনৰ জৰিয়তে জিলাবাসীলৈ বহু কৃতিত্বৰে সু-খবৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।কলা-সংস্কৃতিৰ ক্ষেত্ৰত নগাঁও চহৰৰ ৰুকচানা টাবাচ্চুমে তেওঁৰ চলচ্চিত্ৰ "দ্য কেক ষ্ট'ৰী"ৰ জৰিয়তে নগাঁও জিলাবাসীলৈ কৃতিত্ব কঢ়িয়াই আনে। ২০১৮ বৰ্ষত ৬৫সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰুকচানা টাবাচ্চুমৰ চলচ্চিত্ৰ "দ্য কেক ষ্ট'ৰী"য়ে অকাহিনী শিতাণত জুৰিৰ বিশেষ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয়।

বৰ্ষটোত "অমৃত্যু" চলচ্চিত্ৰৰ জৰিয়তে গ'ল্ডেন চিনেমা বেষ্ট এৱাৰ্ড লাভ কৰি নগাঁও জিলাবাসীলৈ বিৰল কৃতিত্ব কঢ়িয়াই আনে চলচ্চিত্ৰ পৰিচালক অৰূপ মান্নাই। সাহিত্যৰ ক্ষেত্ৰত বিভিন্ন বঁটা, সন্মানৰে নগাঁও জিলালৈ সুনাম কঢ়িয়াই আনে ডঃ নৰেন কলিতা, যুগল লোচন দাস, ৰাজদ্বীপ, ডাঃ প্ৰয়াগ শইকীয়া, ত্ৰৈলোক্য ভট্টাচাৰ্যই। বিশিষ্ট লেখক ডঃ নৰেন কলিতাই "দামোদৰদেৱ বঁটা" লাভ কৰে। আনহাতে, বিশিষ্ট শিশু সাহিত্যিক যুগল লোচন দাসে ২০১৮ বৰ্ষৰ শিশু সাহিত্য অকাডেমি বঁটা লাভ কৰা, বিশিষ্ট শিশু সাহিত্যিক নূপুৰ মোমাইদেউ খ্যাত ত্ৰৈলোক্য ভট্টাচাৰ্যই অকণিৰ সাহিত্য সভাৰ অসমীয়া শিশু সাহিত্য বঁটা-২০১৮ লাভ কৰা,

বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়াই বৰ্ষটোত চৈয়দ আব্দুল মালিক শতবৰ্ষ স্মাৰক অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ বঁটা লাভ কৰা আৰু জিলাখনৰ ধিঙৰ যুৱক তথা বিশিষ্ট নাট্যকাৰ, গীতিকাৰ, চিত্ৰনাট্যকাৰ ৰাজদ্বীপে দেশৰ আগশাৰীৰ বাৰ্তালোচনী "ইণ্ডিয়া টুডে"ৰ ইয়ং লিডাৰ্ছ শিতানত স্থান লাভ কৰা, ইস্কজী শীৰ্ষক চিত্ৰনাট্যৰ বাবে মুম্বাইত সন্মানিত হোৱাটো আছিল নিশ্চিতভাৱে নগাঁও জিলাবাসীক গৰ্বিত কৰা ভাল খবৰ।

বিদায়ী বৰ্ষটোৰ শিল্পকলাৰ ক্ষেত্ৰখনৰ জৰিয়তে নগাঁও জিলাখনলৈ সুনাম কঢ়িয়াই আনে চিত্ৰশিল্পী ৰাজীৱ দাস আৰু সুজিত দাসে। দুয়োগৰাকী নগঞা চিত্ৰশিল্পীয়ে চিত্ৰশিল্পৰ জৰিয়তে দেশ-বিদেশত উচ্চ প্ৰশংসিত হোৱাটো আছিল খুবেই সুন্দৰ খবৰ। বিশিষ্ট চিত্ৰশিল্পী ৰাজীৱ দাসে ত্ৰিপুৰাত অনুষ্ঠিত এক অনুষ্ঠানত চিত্ৰকৃৎ সন্মান-২০১৮ আৰু কলকাতাত অনুষ্ঠিত এক গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় অনাৰ এৱাৰ্ড-২০১৮ লাভ কৰিছে।

আন্তৰ্জাতিক খ্যাতিসম্পন্ন চিত্ৰশিল্পী সুজিত দাসে বৰ্ষটোত ৰাছিয়া, মালয়েছিয়া, ছিংগাপুৰ আদিত কে'বাখনো আন্তঃৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি ভূয়সী প্ৰশংসা লাভ কৰে। ইপিনে শিক্ষাৰ ক্ষেত্ৰত ২০১৮ বৰ্ষটো আছিল অতি সাফল্যৰ বৰ্ষ। বৰ্ষটোত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত (কলা শাখা) নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰী সম্প্ৰীতি ৰাজখোৱাই ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰি নগাঁও জিলালৈ বিৰল কৃতিত্ব কঢ়িয়াই আনে।

আনহাতে, উচ্চতৰ মাধ্যমিক কলা শাখাৰ চূড়ান্ত পৰীক্ষাত চহৰখনৰ কনচেপ্ট জুনিয়ৰ কলেজৰ ছাত্ৰ ত্ৰিদীপ বৰাই ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰি নগঞা ৰাইজক গৰ্বিত কৰে। একেদৰে ২০১৮ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাতো নগাঁও চহৰৰ গীতাঞ্জলি জুনিয়ৰ কলেজৰ ছাত্র ৰৌণক লোহিয়াই ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰি বিৰল সন্মান কঢ়িয়াই আনে জিলাখনলৈ।

তদুপৰি, অবিভক্ত নগাঁও জিলাৰ হোজাইৰ আঃ হাচিব উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্র অমৰ সিং থাপাই উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰি অবিভক্ত নগাঁও জিলাবাসীক গৌৰৱান্বিত কৰে। তাৰোপৰি, উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত নগাঁও চহৰৰ ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্র মৃন্ময় নাথে সপ্তম স্থান, ঋতৃকা কুমাৰী সিঙে দশম স্থান, একেটা পৰীক্ষাৰ কলা শাখাত ৰামানুজন জুনিয়ৰ কলেজৰ ত্ৰিপৰ্ণা বৰাই সপ্তম, অংকিতা চেতিয়াই অষ্টম স্থান, হাইস্কুল শিক্ষান্ত পৰীক্ষাত চহৰখনৰ খ্ৰীষ্ট জ্যোতি স্কুলৰ ৰাজশ্ৰী নন্দিনী কাকতিয়ে চতুৰ্থ স্থান, ৰহাৰ প্ৰাঞ্জল মেমোৰিয়েল একাডেমীৰ ভাৰ্গৱজ্যোতি দাস আৰু নীলবাগান জাতীয় বিদ্যালয়ৰ নাইমা ফিৰদোছ বৰভূঞাই দশম স্থান দখল কৰি নগাঁৱলৈ সুনাম কঢ়িয়াই আনিছে।

ইপিনে অসম লোক সেৱা আয়োগৰ পৰীক্ষাতো জিলাখনৰ পল্লৱজ্যোতি নাথ আৰু হিমাদ্ৰী বৰাই কৃতিত্ব কঢ়িয়াই আনে। ক্ৰীড়া ক্ষেত্ৰখনতো এক বিৰল কৃতিত্ব কঢ়িয়াই আনিছে জিলাখনৰ ধিঙৰ জীয়ৰী দৌৰৰাণী হিমা দাসে। ২০১৮ বৰ্ষটোত বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি একাধিক স্বৰ্ণপদক জয় কৰি নগাঁও জিলাবাসীৰ মান-মৰ্যাদা বৃদ্ধি কৰে। আনকি ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসে বৰ্ষটোত ফিনলেণ্ডত অনুষ্ঠিত ২০ বছৰ অনূৰ্ধ্ব বিশ্ব এথলেটিক্‌ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্বৰ্ণপদক জয়ৰে ইতিহাস গঢ়িবলৈ সক্ষম হৈছিল।

বৰ্ষটোতে হিমাই জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছত দুটা ৰূপ আৰু এটা সোণৰ পদক জয়েৰে সমগ্ৰ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তাৰোপৰি তেওঁ ইউনিচেফৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিযুক্ত হোৱাৰ লগতে ২০১৮ বৰ্ষৰ বাবে অৰ্জুন বঁটা লাভ কৰি নগাঁও তথা অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ২০১৮ বৰ্ষত ছিংগাপুৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বডী বিল্ডিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মিঃ ইউনিভাৰ্ছ-২০১৮ খিতাপ অৰ্জন কৰি দেশলৈ সুনাম কঢ়িয়াই আনে নগাঁও চহৰৰ শৰীৰ চৰ্চাবিদ ছৰিফুল আলম শইকীয়াই।

নগাঁও জিলা প্ৰশাসনে নগাঁৱক সেউজ আৰু স্বচ্ছ কৰি ৰখাৰ বাবে বিদায়ী বৰ্ষটোত এক বিশেষ আঁচনি গ্ৰহণ কৰিছে। "সেউজ নগাঁও : স্বচ্ছ নগাঁও" নামেৰে নামকৰণেৰে এই আঁচনিৰে জৰিয়তে নগাঁও চহৰৰ বাসিন্দাসকলৰ পেলনীয়া সামগ্ৰী ৰিচাইক্লিং কৰি জৈৱিক সাৰ উৎপাদনৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

দেশ কঁপোৱা বটদ্ৰৱা শিশু ধৰ্ষষণকাৰীক ৰাইজৰ প্ৰত্যাশা অনুসৰি আদালতে মৃত্যুদণ্ডৰ ৰায় দিয়াটো আছিল নগাঁওবাসীৰ বাবে এক উল্লেখনীয় খবৰ। আনহাতে, বিদায়ী বৰ্ষটোত বিভিন্ন আন্তঃগাঁথনি উন্নয়ন হোৱাটো এক উল্লেখনীয় কাৰ্য হিচাপে বিবেচিত হৈছে।

Your Comments