নগাঁৱৰ পৰা ৱাহিদুদ জামান
নগাঁও চহৰৰ ধিং গে'টৰ সমীপত থকা ডিউ কেয়াৰ হাস্পতাল নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত সংঘটিত এক মৰ্মান্তিক ঘটনাৰ তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত অভিযোগ অনুসৰি, চিকিৎসালয়খনৰ আই চি ইউত ভৰ্তি এগৰাকী ৰোগীক চিকিৎসাধীন অৱস্থাত চিকিৎসালয়খনৰ কৰ্তৃপক্ষই উলিয়াই দিয়ে।
কিডনী আৰু হৃদৰোগত আক্ৰান্ত মৈৰাবাৰী অঞ্চলৰ ইছমাইল হুছেইন নামৰ লোকজনক যোৱা ৩০ ডিচেম্বৰৰ বিয়লি চিকিৎসালয়খনৰ জৰুৰীকালীন কক্ষত দেখুওৱাৰ পিছত ভৰ্তি কৰোৱা হয়। সেই অনুসৰি ৰোগীজনক ভৰ্তি কৰোৱাৰ কিছু সময় পিছত ৰোগীজনৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি দাবী কৰি আই চি ইউত ভৰ্তি কৰাব লাগিব বুলি চিকিৎসকে পৰামৰ্শ দিয়ে।
ইমানলৈকে সকলো ঠিকেই আছিল যদিও আই চি ইউত থকা বেমাৰীৰ বাবে খাদ্যৰ যোগানক লৈ ৰোগীৰ পৰিয়ালৰ লগত চিকিৎসালয়খনৰ কেণ্টিন আৰু মালিক ডাঃ ফৰিদুল হুছেইনৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় ৰোগীৰ পৰিয়ালৰ লোক। আনকি, খাদ্য আনিবলৈ যোৱা ৰোগীৰ পৰিয়ালৰ লোকক দুৰ্ব্যৱহাৰ কৰাতে ক্ষান্ত নাথাকি বিভিন্ন দাবী-ধমকি দিয়াৰ লগতে উকা কাগজত চহী লৈ আই চি ইউত থকা ৰোগীজনক গতিয়াই উলিয়াই দিয়ে।
পিছত উপায়ন্তৰ হৈ ৰোগীজানক আন চিকিৎসালয়লৈ নি চিকিৎসা প্ৰদান কৰিবলগা হয়। আই চি ইউত ভৰ্তি কৰাই ৰোগীৰ পৰিয়ালৰ পৰা ব্যাপক পৰিমাণৰ ধন আদায়ৰ এক নাটক ৰচা বুলি অভিযোগ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। চিকিৎসালয় কৰ্তৃপক্ষৰ এনে কাণ্ডক সকলোৱে একেমুখে ধিক্কাৰ দিছে।
অতি আশ্চৰ্যজনক বিষয় এই যে চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে আইনৰ কাষ চপিব বুলি কোৱাত ৰোগীৰ পৰিয়ালৰ লোকক স্বত্বাধিকাৰী ডাঃ ফৰিদুল ইছলাম আৰক্ষীৰ লোক তেওঁৰ পকেটত থাকে বুলিও দম্ভালি মাৰে। ঘটনা সন্দৰ্ভত ভুক্তভোগী ইছমাইল হুছেইনৰ পুত্ৰ ৰেজাউল ইছলামে স্থানীয় হয়বৰগাঁও আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে।
আৰক্ষীয়ে এই এজাহাৰ ভিত্তিত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য, যোৱা ২০১৭ বৰ্ষতো অনুৰূপ এক ঘটনা সংঘটিত হোৱাত চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে আন এক গোচৰ ৰুজু হৈ আছে বুলি হয়বৰগাঁও আৰক্ষীৰ সূত্ৰই জনাইছে।
- Log in to post comments
- 197 views