নগাঁৱত বিনামূলীয়া পাঠ্যপুথি বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ

q

"বৰ্তমানৰ ৰাজ্য চৰকাৰে অসমৰ শিক্ষা ক্ষেত্ৰৰ উত্তৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। বিশেষকৈ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যপুথিৰ অভাৱত যাতে ভুগিব লগা নহয়, তাৰ বাবে চৰকাৰে বিনামুলীয়া পাঠ্যপুথিৰ ব্যৱস্থা গ্ৰহন কৰিছে।" -আজি নগাঁও সদৰ আৰু খাগৰিজান শিক্ষাখণ্ডৰ অন্তৰ্গত শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ কৰি এই মন্তব্য কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে কয়, চৰকাৰে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত গুণোৎসৱ অনুষ্ঠিত কৰি শিক্ষাৰ এক সুস্থ পৰিবেশ গঢ়ি তুলিছে। তেওঁ শিক্ষক, শিক্ষয়িত্ৰীসকলক চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ ফলাফল যাতে উন্নত হয় তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে একাংশ শিক্ষকে ৰাজনীতিৰ লগত জড়িত হোৱাৰ কথা উল্লেখ কৰি মানৱ সম্পদ গঢ়াৰ লগত জড়িত শিক্ষকসকলক ৰাজনৈতিক কাম-কাজৰ লগত জড়িত নহ'বলৈ আহ্বান জনায়।

নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰবীন শৰ্মা, জিলা প্ৰাথমিক শিক্ষা বিষয়া বিৰেন সিং ইংতি, বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক বুদ্ধ কটকী, খণ্ড শিক্ষা বিষয়া জিতেন দাস, সহ-পৰিদৰ্শক নিলাক্ষী ৰাজকুমাৰী, জিলা জনসংযোগ বিষয়া সমৰ কলিতা, অধ্যক্ষ্যা দিপীকা লস্কৰ আদিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি শিক্ষক, শিক্ষয়িত্ৰী উপস্থিত থাকে।

আজি নগাঁও সদৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ৭১খন আৰু খাগৰিজান প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ২৮৬ খন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধানসকলৰ হাতত পাঠ্যপুথিসমূহ প্ৰদান কৰা হয়।

Your Comments