নগাঁৱত যুৱ-ছাত্ৰ পৰিষদৰ অনশন 

w

অসমৰ খিলঞ্জীয়া ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত অসমত আন্ত:ৰাজ্যিক পাৰপত্ৰ আৰু দ্বি-নাগৰিকত্ব ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত পৰিষদৰ শতাধিক সদস্যই এই কাৰ্যসূচী ৰূপায়ণ কৰি কেন্দ্ৰীয় চৰকাৰক শীঘ্ৰে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।

এই ক্ষেত্ৰত ৰাজ্য চৰকাৰকো ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। অন্যথা পৰিষদে ব্যাপক আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে। অনশন কাৰ্যসূচীত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক প্ৰবীন চন্দ্ৰ দাস, জিলা সমিতিৰ সভাপতি দ্বীপমনি বৰা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াকে ধৰি পৰিষদৰ বিষয়ববীয়া আৰু কেইবাগৰাকী বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰে।

Your Comments