অহা ১৪ জানুৱাৰীৰ পৰা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হ'ব কুম্ভমেলা ৷ এই কুম্ভমেলাত সমাগম ঘটিব বিভিন্ন দেশ-বিদেশৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্য সাধু-সন্যাসীসকলৰ । ইতিমধ্যে এই কুম্ভমেলা অনুষ্ঠিত কৰাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে নিৰ্ধাৰণ কৰিছে ২০ বৰ্গ কিলোমিটাৰৰ এক বৃহৎ ভূমি। এই নিৰ্দিষ্ট ভূমিখণ্ডতেই জানুৱাৰী পৰা মাৰ্চলৈকে অনুষ্ঠিত হ'ব এই কুম্ভমেল। ১২ বছৰৰ মূৰত অনুষ্ঠিত হোৱা এই কুম্ভমেলাত এইবাৰ দ্বিতীয়বাৰৰ বাবে সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা একমাত্ৰ আশ্ৰম হিচাপে অংশগ্ৰহণ কৰিব শ্ৰী শ্ৰী ভৃগুগিৰী আশ্ৰমে।
এই কথা আজি সংবাদ মেল সম্বোধন কৰি জানিবলৈ দিয়ে আশ্ৰমখনৰ বাবা শ্ৰীশ্ৰী ভৃগুগিৰী মহাৰাজে। উল্লেখ যে, এই সংবাদ মেলখন আয়োজন কৰিছিল শ্ৰীশ্ৰী ভিমাশংকৰ ক্ষেত্ৰ আৰু শ্ৰীশ্ৰী পঞ্চকন্যা ধাম ট্ৰাষ্টে। উক্ত সংবাদ মেলত বাবা ভৃগুগিৰীৰ উপৰিও উপস্থিত থাকে প্ৰণৱ কুমাৰ শৰ্মা, পবিত্ৰ কুমাৰ শৰ্মা, সত্ৰীস কুমাৰ শৰ্মা প্ৰমুখ্যে ভৃগুগিৰী আশ্ৰমৰ সদস্যসকল।
সংবাদ মেলত ভৃগুগিৰী মহাৰাজে জানিবলৈ দিয়ে যে ১৪ জানুৱাৰী পৰা ১০ ফেব্ৰুৱাৰীলৈকে কুম্ভমেলাত বাবাই সম্পাদন কৰিব মৃত্যুঞ্জয় যজ্ঞ। তাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে প্ৰায় ডেৰ বিঘা মাটি আবন্টন দিছে ভৃগুগিৰী আশ্ৰমৰ বাবে। উল্লেখ যে, মূলত সাধু-সন্যাসীসকলৰ বাবেই আয়োজন কৰা এই কুম্ভমেলাত এইবাৰ সমাগম ঘটিব প্ৰায় ১৩ কোটি লোকৰ বুলিও জানিবলৈ দিয়ে ভৃগুগিৰী মহাৰাজে।
সংবাদ মেলত ভৃগুগিৰী মহাৰাজে উল্লেখ কৰি কয় যে ইয়াৰ পূৰ্ব বর্ষতো তেওঁ কুম্ভমেলাত মৃত্যুঞ্জয় যজ্ঞ সম্পাদন কৰিছিল । ইফালে এই সংবাদ মেলতে ভৃগুগিৰী আশ্ৰমৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে আশ্ৰমৰ ফালৰ পৰা কুম্ভমেলা চাবলৈ যোৱা অসমৰ ভক্তসকলৰ সুবিধাৰ্থে প্ৰতি দিনে ১০০জনকৈ ব্যক্তিক তেওঁলোকে থকা-খোৱাৰ ব্যৱস্থা কৰি দিব । তাৰ বাবে ভক্তসকলক ভৃগুগিৰী আশ্ৰমৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ।
- Log in to post comments
- 16 views