ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্রণালয়ৰ অধীনস্থ নেহৰু যুৱ কেন্দ্ৰ সংগঠনে "এক ভাৰত শ্ৰেষ্ঠ ভাৰত" নীতি সাৰোগত কৰি আগন্তক গণৰাজ্য দিৱস উদ্যাপনৰ অংশ হিচাপে গোটেই ভাৰতবৰ্ষতে আৰম্ভ কৰা বাগ্মীতা প্ৰতিযোগীতাখনি নগাঁও জিলাত ২০ ডিচেম্বৰত নগাঁও প্ৰেছ ক্লাৱৰ সভা কক্ষ্যত অনুষ্ঠিত হৈ যায় |
"স্বদেশানুৰাগ আৰু ৰাষ্ট্ৰ নিৰ্মাণ" বিষয়বস্তুলৈ আৰম্ভ হোৱা এই প্ৰতিযোগীতাত নগাঁও জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ পঞ্চাশৰো অধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে | এই প্ৰতিযোগীতাত বিচাৰক হিচাপে অংশগ্ৰহণ কৰে নগাঁও মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ সহযোগী অধ্যাপক ডঃ দিলীপ শৰ্ম্মা, পৰ্দাথ বিজ্ঞান বিভাগৰ প্ৰবক্তা হৰেশ্বৰ শইকীয়া আৰু নগাঁও জিলাৰ স্বেচ্ছাসেৱী অনুষ্ঠানসমূহৰ পৰাৰ্মশদাতা ৰনদ্বীপ নন্দীয়ে |
বিশিষ্ট ক্ৰীড়া সংগঠক তথা নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ প্ৰাক্তন উত্তৰ-পূৰ্বৰ সমন্বয়ৰক্ষী বিষয়া ঘনশ্যাম হাজৰিকাই শোভাৰম্ভ কৰা বাগ্মীতা প্ৰতিযোগীতাত যথাক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে - প্ৰলয় কুমাৰ বড়ো, মুহিত কুমাৰ গীৰি আৰু ৰুহিত কুমাৰ গীৰিয়ে |
প্ৰতিযোগীতাৰ অন্তত প্ৰতিযোগীসকলক মানপত্রৰ লগতে পুৰস্কৃত কৰা হয় | লগতে যোগদান কৰা সকলো প্ৰতিযোগীকে মানপত্র প্ৰদান কৰা হয় | নেহৰু যুৱ কেন্দ্ৰ নগাঁৱৰ গাণনিক বিষয়া দায়িত্বত থকা ধনঞ্জয় তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠিত বাগ্মীতা প্ৰতিযোগীতা এটি সদ ভাবনা গীতেৰে অনুষ্ঠানৰ সামৰণি পৰে |
- Log in to post comments
- 19 views