নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা পুহিৰাম শইকীয়া নামৰ ৰোগীজন আজি পুৱা চিকিৎসালয়খনৰ পৰাই সন্ধানহীন হৈ পৰাত পৰিয়ালৰ লোক উদ্বিগ্ন হৈ পৰিছে ।
জানিব পৰা মতে, নগাঁও চহৰৰ সমীপবৰ্তী কঁঢালীগাঁৱৰ ৭৫ বছৰীয়া শইকীয়া চিকিৎসালয়ত যোৱা ১২ ডিচেম্বৰত চিকিৎসাধীন কৰোৱা হৈছিল। আজি তেওঁক চিকিৎসকে চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়ে যদিও সেইটো সময়তে তেওঁ চিকিৎসাধীন হৈ থকা থকা মেডিচিন ৱাৰ্ড-১ৰ পুৱা প্ৰায় ১০.৩০ বজাৰ পৰা সন্ধানহীন হয়।
পৰিয়ালৰলোক সন্ধিয়া পৰ্যন্ত ৰোগগ্ৰস্ত বৃদ্ধগৰাকীক বিচাৰি চলাথ কৰিছে যদিও যদিও কোনো সন্ধান উলিয়াব নোৱাৰাত উদ্বিগ্ন হৈ পৰিছে । ইতিমধ্যে বিষয়টো সন্দৰ্ভত পৰিয়ালৰলোকে আৰক্ষীক অৱগত কৰিছে। ব্যক্তি গৰাকীৰ কোনো সন্ধান পালে পৰিয়ালৰ লোকক ৮৬৩৮০৭৯১২৩ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
- Log in to post comments
- 9 views