এঘাৰখন গল্প আৰু কবিতা পুথি প্ৰকাশৰ জৰিয়তে অসমীয়া সাহিত্য জগতলৈ অনবদ্য বৰঙণি আগবঢ়োৱা কামপুৰ মাজৰআটি গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক ঘনকান্ত বৰালৈ ৰাজ্যৰ আগশাৰী সাহিত্যনুষ্ঠান সৃষ্টিৰ পদাতিকে আগবঢ়াইছে 'অসম সাহিত্য বঁটা' । সংবাদ সেৱাৰ আৰু অসম সাহিত্য সভাৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত ঘনকান্ত বৰাই কঠিয়াতলীৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ আছে।
নগাঁও জিলা সাহিত্য সভাই ২০১৪ বৰ্ষত জিলা শ্ৰেষ্ঠ সংগঠকৰ বঁটা প্ৰদান কৰা বৰাই ভাৰতীয় গণনাট্য সংঘই ২০১৭ বৰ্ষত "ৰঘুনাথ চৌধাৰী বঁটা" আৰু ২০১৮ বৰ্ষত জিলা কৃতী শিক্ষকৰ বঁটা লাভ কৰে। অহা ২৩ ডিচেম্বৰত গুৱাহাটীত অসম সাহিত্য সভাৰ লক্ষ্মীনাথ বৰুৱা সদনত ঘনকান্ত বৰাক অসম সাহিত্য বঁটা প্ৰদান কৰা হ'ব।
- Log in to post comments
- 15 views