নগাঁৱত সুদখোৰৰ দৌৰাত্ম সুদখোৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি শিক্ষকৰ আত্মহত্যা 

ে

বৃক্ক ৰোগত আক্ৰান্ত নিজৰ কন্যাৰ চিকিৎসাৰ ব্যয়ৰ ধনৰ বাবে সুদখোৰৰ শৰণাপন্ন হৈ সৰ্বস্বান্ত হোৱা এজন শিক্ষকে সুদখোৰৰ অত্যাচাৰত সহ্য কৰিব নোৱাৰি অত্মহননৰ দৰে চৰম পন্থা ল'বলৈ বাধ্য হোৱা এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে নগাঁৱত। নগাঁও চহৰৰ সমীপৱৰ্তী উৰিয়াগাঁৱৰ চুতীয়া গাঁৱত সংঘটিত এই হৃদয় বিদাৰক ঘটনাই সকলোকে মৰ্মাহত কৰি তুলিছে। জানিব পৰা মতে, কালি নিশা উৰিয়া গাঁৱৰ চুতীয়া গাঁৱৰ শিক্ষক নিৰঞ্জন হাজৰিকাই নিজৰ নিৰ্মীয়মান ঘৰত চিপজৰী লৈ আত্মহত্যা কৰে ।

পুৱা স্হানীয় লোকে এই ঘটনা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । আৰক্ষীয়ে আত্মহত্যা কৰা শিক্ষক হাজৰিকাৰ মৃতদেহৰ পৰা এটা চুইচাইড নোট উদ্ধাৰ কৰাৰ পাছত দুৰ্ভগীয়া শিক্ষকগৰাকীয়ে সূদখোৰৰ অত্যাচাৰত আত্মহত্যা কৰাৰ তথ্য পোহৰলৈ আহে। জানিব পৰা মতে, কৰৈয়নী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নিৰঞ্জন হাজৰিকাই নিজৰ কন্যাৰ চিকিৎসাৰ বাবে বহু চেষ্টা কৰিও নিষ্ঠুৰ নিয়তিৰ হাততে হাৰ মানিছিল।

দুয়োটা বৃক্ক বিকল হোৱা কন্যাৰ চিকিৎসাৰ বাবে বহু টকাৰ ধাৰত পোত যোৱা হাজৰিকাই সুদখোৰৰ পৰাও টকা ধাৰ ল'বলৈ বাধ্য হৈছিল। আজি প্ৰায় ৩/৪ মাহৰ পূৰ্বে কন্যাৰ মৃত্যুৰ পাছত মানসিকভাৱে ভাগি পৰা শিক্ষকগৰাকীক সুদখোৰৰে অত্যাচাৰ চলাবলৈ আৰম্ভ কৰে। আনকি আজি কেইদিনমান আগতে সুদখোৰে আহি ঘৰতে শিক্ষকগৰাকীক টকা বিচাৰি ভাবুকি প্ৰদান কৰা লগতে টকা আদায় নিদিলে পৰিয়ালৰ আটাইকেইজন সদস্যকে ঘৰৰ পৰা চুঁচৰাই নিম বুলিও ভীতি প্ৰদৰ্শন কৰিছিল ।

যাৰ বাবে বহু চেষ্টা কৰিও কন্যাৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰা শোকে দগ্ধ কৰা শিক্ষক হাজৰিকাক সমন্তৰালকৈ সুদখোৰৰ এনে আচৰণে অধিক অস্থিৰ কৰি তুলে আৰু হিতাহিত জ্ঞান হেৰুৱাই কালি তেওঁ এই চৰম পন্থা গ্ৰহণ কৰিবলৈ বাধ্য হয়। আৰক্ষীয়ে উদ্ধাৰ কৰা চুইচাইড নোটত হাজৰিকাই ক'ক আৰু ফাগুনী নামৰ দুজন সুদখোৰৰ নাম উল্লেখ কৰি যোৱা বুলি আৰক্ষী সুত্ৰৰ পৰা জানিব পৰা গৈছে। আৰক্ষীয়ে আত্মহত্যাৰ এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও পৰিয়ালৰলোকে এই পৰ্যন্ত অভিযোগ দাখিল কৰা নাই।

স্হানীয় সূত্ৰই প্ৰকাশ মতে, বহু উচ্চ হাৰত সুদ দিয়া সুদখোৰৰ অতপালিৰ ফলতেই এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হ'বলৈ পালে । সূত্ৰটোয়ে আৰু প্ৰকাশ কৰা অনুসৰি, শিক্ষক নিৰঞ্জন হাজৰিকাই সুদখোৰক পাৰ্যমানে ধাৰ মাৰি আহিছিল যদিও সুদখোৰৰ অত্যাচাৰ ক্ৰমে বাঢ়ি আহিছিল । অতি মৰমৰ কন্যাৰ কৰুণ মৃত্যুৰ পাছত পত্নী আৰু পুত্ৰক বুকুত বান্ধি শিক্ষক হাজৰিকাই সুদখোৰৰ অত্যাচাৰত আত্মহনন কৰা ঘটনাই সমগ্ৰ আঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

তাৎপৰ্যপূৰ্ণ যে, একাংশ অভাৱী লোকৰ অভাৱৰ সুযোগ গ্ৰহণ কৰি নগাঁও জিলাত একাংশ সুদখোৰ ব্যৱসায়ীয়ে অবৈধভাৱে সুদৰ ব্যৱসায় কৰি থকা পৰিলক্ষিত হৈছে। এই সুদখোৰৰ কৱলত পৰি জিলাখনৰ অসংখ্য । লোকৰ জীৱন দুৰ্বিসহ হৈ পৰিছে। আনকি এই সুদৰ ব্যৱসায়ীৰ পৰা অতি উচ্চ হাৰৰ সুদত টকা ধাৰলৈ লোৱা বহু লোক পথৰ ভিক্ষাৰীও হ'ব লগীয়া অৱস্হাৰো সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ নগাঁও চহৰ এলেকাতেই দুই শতাধিক লোক আছে যি নিজৰ টকা অতি উচ্চ হাৰৰ সুদত ধাৰলৈ দি সম্পূৰ্ণ আইন বিৰোধীভাৱে এক ৰমৰমীয়া ব্যৱসায় চলাই আছে।

আনকি, জিলাখনৰ সৰু-বৰ চহৰৰ লগতে গ্ৰাম্যাঞ্চলতো শ শ সুদ খোৰ ব্যৱসায়ীয়ে অভাৱী লোকৰ অভাৱৰ সুযোগ গ্ৰহণ কৰি অবাধ শোষণ চলাই আছে। নগাঁও চহৰৰ সুদৰ ব্যৱসায়ীসকল দুই ধৰণৰ। একাংশ সুদ ব্যৱসায়ীয়ে চৰকাৰী বিষয়া, কৰ্মচাৰী, বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্মচাৰী, মজলীয়া ব্যৱসায়ীক টকা ধাৰলৈ দিয়ে।

এই সুদখোৰসকলে জামীনদাৰ সাক্ষী, মাটিৰ দলিল, সোণৰ আ-অলংকাৰ, বেংকৰ পাছবুক,  গোপন নম্বৰ সহ এ টি এম কাৰ্ড আদি জমালৈ, উকা দলিলত টকা ধাৰলৈ লওঁতাৰ একাধিক চহী লৈ তাৰ বাবদহে টকা ধাৰলৈ দিয়ে। তেওঁলোকে নূন্যতম ১০ হেজাৰ টকাৰ পৰা ৫-৬ লাখ পৰ্যন্ত টকা ধাৰলৈ দিয়ে।

ইয়াৰ বাবদ এই সুদখোৰসকলক প্ৰতিমাহে শতকৰা ১৫ৰ পৰা ২০-২৫ শতাংশ পৰ্যন্ত সুদৰ ধন আদায় দিব লাগে। যিসকল টকা ধাৰ লওঁতাই (চৰকাৰী কৰ্মচাৰী) সুদখোৰৰ হাতত বেংকৰ এ টি এম কাৰ্ড জমা দিছে তেওঁলোকৰ মিহিলি দৰমহাৰ ধন তেওঁ বেংকৰ নিজা একাউন্টত জমা হোৱাৰ লগে লগেই সুদখোৰে এ টি এম যোগে দৰমহাৰ ধন উঠায় আৰু নিজৰ পাব লগীয়া মিহিলি সুদৰ ধন নিজৰ হাতত ৰাখি বাকী ধন ওভটাই দিয়ে ধৰুৱাক ।

ইপিনে, যিসকলে এ টি এম কাৰ্ড অবিহনে সুদত টকা ধাৰলৈ লয় তেওঁলোকৰ কোনোবাই যদি কোনো অসুবিধাৰ বাবে সুদৰ ধন দুই-তিনি মাহ আদায় দিব নোৱাৰিলে তেনেলোকৰ ওপৰত পোহনীয়া গুণ্ডা বাহিনী লগাই ভাবুকি প্ৰদান কৰাৰ উপৰিও মাৰ ধৰ পৰ্যন্ত কৰাৰো অভিযোগ পোৱা গৈছে । সুদখোৰৰ গুণ্ডা বাহিনীৰ ভয়তে নিৰ্যাতনৰ বলি হোৱা কোনো এজন ধৰুৱা লোকেই আৰক্ষীৰ কাষ নাচাপে। এই সুদৰ ব্যৱসায়ৰ লগত একাংশ চৰকাৰী কৰ্মচাৰী, দুজনমান আৰক্ষী কনিষ্টবল পৰ্যন্ত জড়িত হৈ থকা বুলি অভিযোগ উঠিছে।

নগাঁও চহৰৰ সুদখোৰৰ কৱলত পৰা একাংশ লোকে অভিযোগ কৰা মতে, তেওঁলোকে ধাৰে লোৱা ধন আদায় দিয়াৰ পিছতো অতিৰিক্ত সুদ অনাদায় দেখুৱাই তেওঁলোকক ঋণৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হোৱা নাই। এই সুদখোৰৰ কৱলত পৰি সৰ্বস্বান্ত হোৱা জিলাখনৰ একাধিক লোকে আত্মহনন পথ বাচি লোৱাৰ ঘটনা ইতিপূৰ্বে সংঘটিত হৈছে। এই অবৈধ সুদ ব্যৱসায়ীসকলে অসহায়জনক শোষণ কৰি প্ৰতি মাহে লাখ লাখ টকা উপাৰ্জন কৰি আহিছে যদিও চৰকাৰে এটকাও কৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

Your Comments