পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত আজি হঠাৎ নগাঁৱত শতাধিক যুৱক-যুৱতী কংগ্ৰেছ দলত যোগদান কৰে। নগাঁও পৌৰ ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ সঞ্জয় ভৱনত অনুষ্ঠিত এখন সভাত শতাধিক যুৱক-যুৱতীয়ে কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছত যোগদান কৰে। পৌৰ ব্লক কংগ্ৰেছৰ সভাপতি গৌতম ভট্টাচাৰ্য্যইৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই অংশগ্ৰহণ কৰি কংগ্ৰেছ দলক অধিক শক্তিশালী কৰি তুলিবলৈ দলীয় কৰ্মীসকলক আহ্বান জনায়।
ডা: চমুৱাই নগাঁও পৌৰ সভাৰ অন্তৰ্গত প্ৰতিটো মহলাত কংগ্ৰেছ দলৰ ভেটি মজবুত কৰাৰ বাবে চেষ্টা চলাবলৈ সকলোকে আহ্বান জনায়। সভাত ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক ক্ৰমে- অজয় বাৰী, লিয়াকত চৌধুৰী, ববী ৰূমানী আদিয়ে অংশগ্ৰহণ কৰে।
তদুপৰি, সভাত জ্যেষ্ঠ কংগ্ৰেছ নেতা পৰাণ মহন্ত, চুলতান কুতুব, নৌচাদ আখতাৰ হাজৰিকা, শেৱালি হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে। সাধাৰণ সম্পাদক সপোন মহন্তই উদ্দেশ্য ব্যাখ্যা কৰা সভাত সম্পাদক জীতেন গোস্বামীৰ নেতৃত্বত শতাধিক যুৱক-যুৱতীয়ে কংগ্ৰেছ দলক যোগদান কৰে।
- Log in to post comments
- 9 views