বিগত ২৮ নৱেম্বৰত আলফাৰ প্ৰতিবাদ দিৱসত নগাঁও চহৰৰ সমীপৱৰ্তী ভোটাই গাঁও খেলপথাৰত আলফা (স্বাধীন)ৰ তিনিখনকৈ পতাকা উৰা ঘটনা সন্দৰ্ভত আজি নগাঁও আৰক্ষীয়ে তিনিজন ব্যক্তিক সোধ-পোচ কৰাৰ লগতে এগৰাকী সাংবাদিককো থানালৈ মাতি আনি সোধ-পোছ কৰা ঘটনাই নগাঁৱৰ সাংবাদিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
বিগত সময়ত অপৰাধ জনিত ঘটনা ৰোধ কৰাত সফল নোহোৱা নগাঁও আৰক্ষীয়ে নিজৰ ব্যৰ্থতা ঢাকিবৰ বাবে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপ সাংবাদিকক থানালৈ মাতি আনি সোধা-পোচা কৰা ঘটনাত ক্ষোভিত হৈ পৰিছে নগাঁৱৰ সাংবাদিক মহল । এটা বৈদ্যুতিক সংবাদ মাধ্যমৰ বঢ়মপুৰস্থিত সাংবাদিক অপুৰ্ব হাজৰিকাক নগাঁও সদৰ থানালৈ মাতি আনি প্ৰায় তিনি ঘন্টাৰো অধিক সময় জেৰা কৰা অন্তত ব্যক্তিগত জামিনত মুকলি কৰি দিয়া ঘটনাক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
নগাঁৱৰ কেইবাটাও সাংবাদিক সংগঠন নগাঁও প্ৰেছ ক্লাৱ, আজুৰ নগাঁও জিলা সমিতি, আপকু নগাঁও জিলা সমিতি, নগাঁও জিলা বাৰ্তাজীৱি সংঘ, সদৌ নগাঁও জিলা সাংবাদিক সন্থা, নগাঁও ইলেকট্ৰনিক মেডিয়া এছচিয়েছন, বঢ়মপুৰ, ৰূপহী, জুৰীয়া, বটদ্ৰৱা প্ৰেছ ক্লাৱকে ধৰি কেইবাটাও সাংবাদিক সংগঠনে তীব্ৰ গৰিহনা দিছে। ইপিনে, আলফা(স্বা)ৰ পতাকা উত্তোলন কৰা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নৰেন গোহাঁই, হবি আদিকো সোধ-পোচ কৰা বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 53 views