নগাঁও জিলাত পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ ব্যাপক তৎপৰতা 

s

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নগাঁও জিলাতো ৰাজনৈতিক দলসমূহে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে । নগাঁও জিলাত মুলত: কংগ্ৰেছ, অগপ আৰু বিজেপিৰ মাজতে মুল প্ৰতিন্দিতা হ'ব যদিও ধৰ্মীয় সংখ্যালঘূ এলেকাত এ আই ইউ ডি এফও শক্তিশালী প্ৰতিন্দিতা আগবঢ়াব । জিলা খনত ৫ ডিচেম্বৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু মমোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৫ নবেম্বৰ । আজি লৈকে জিলাখনত কোনো প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ দাখিল কৰা নাই যদিও অহা কালিৰ পৰা প্ৰাৰ্থীসকলে মনোনয়ন-পত্ৰ দাখিল কৰিব বুলি জানিব পৰা গৈছে ।

অসম গণ পৰিষদ দলে নগাঁও জিলাত ২৯টা জিলা পৰিষদ সমষ্টি, ১৬৪টাকৈ পঞ্চায়ত সভাপতি আৰু আঞ্চলিক সদস্য আৰু ১৬৪০টা গাওঁ পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিব বুলি অগপৰ এক সুত্ৰত প্ৰকাশ । অসম গণ পৰিষদ দলে পঞ্চায়ত নিৰ্বাচনত পঞ্চায়তসমূহ দখল কৰিবৰ কাৰণে ইতিমধ্যে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন মন্ত্ৰী ক্ৰমে- গুনিন হাজৰিকা, গিৰীন্দ্ৰ কুমাৰ বৰুৱা, উমেশ দাস আৰু প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানৰ নেতৃত্বত জিলাখনৰ বিভিন্ন স্থানত সভা-সমিতি অনুষ্ঠিত কৰি অগপৰ স্থিতি সবল কৰি তুলিছে । ইয়াৰ বিপৰীতে বিজেপি দলেও জিলাখনত পঞ্চায়তসমূহ দখল কৰিবৰ কাৰণে ককালত টঙালি বান্ধিছে ।

কেন্দ্ৰীয় ৰেল মন্ত্ৰী ৰাজেন গোঁহাই, বিধায়কক ৰূপক শৰ্মা, আঙুৰ লতা ডেকা, ডিম্বেশ্বৰ দাসৰ নেতৃত্বত বিজেপিয়ে জিলাখনত নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে । উন্নয়নৰ শ্লোগানক মুলধন হিচাপে লৈ বিজিপিয়ে পঞ্চায়ত দখলৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে । ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোট চৰকাৰৰ দুই অংশীদাৰ বিজেপি আৰু অগপই পৃথকে পৃথকে নিৰ্বাচন খেলাৰ বাবে তৎপৰ হোৱাৰ ফলত দুয়োটা দল পৰস্পৰৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভৱনা আছে ।

কংগ্ৰেছ দলেও পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে তৃণমূল পৰ্যায়ৰ পৰাই দলত নিৰ্বাচনৰ বাবে সাজু কৰি তুলিছে । দলীয় সুত্ৰই জনোৱা মতে ইতিমধ্যে কংগ্ৰেছ‌ দলেও প্ৰাৰ্থীৰ তালিকা প্ৰায় চূড়ান্ত কৰিছে । অৱশ্যে আনুষ্ঠানিক ৰূপ এতিয়ালৈকে দিয়া নাই ।

Your Comments