কবিতাই মানুহৰ হৃদয়ত নতুন প্ৰাণৰ সঞ্চাৰ কৰে : পৰাণ কুমাৰ বৰুৱা 

s

নগাঁও চহৰস্থ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট লেখিকা নিৰলা শইকীয়া দাসৰ "হিয়াৰ ফুলবোৰ” নামৰ এখনি কাব্যগ্ৰন্থ উন্মোচন কৰা হয় । নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতি মোহন নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত গ্ৰন্থখনি উন্মোচন কৰি কবি পৰাণ কুমাৰ বৰুৱাই কবিতাই মানুহৰ হৃদয়ত নতুন প্ৰাণৰ সঞ্চাৰ কৰাৰ উপৰি সৃষ্টিশীল মন-মানসিকতাক উৰ্বৰতা প্ৰদান কৰে বুলি মন্তব্য কৰে ৷

যুৱ সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে সামগ্ৰীকভাৱে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখনিৰ আৰম্ভণিতে শিল্পী চিমি ভূঞা গায়নে পৰিবেশন কৰা বৰগীতেৰে আৰম্ভ হোৱা সভাখনি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সমাজসেৱক ভৱেন বৰাই ৷ নগাঁও জিলাৰ বিদ্যালয়সমূহৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক প্ৰেমেশ্বৰ দাস, অখিল ভাৰতীয় সাহিত্য পৰিষদ অসমৰ নগাঁও জিলা শাখাৰ সচিব চন্দ্ৰ শইকীয়া, জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা গোপেশ্বৰ বৰা, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ নগাঁও জিলা শাখাৰ প্ৰধান সম্পাদক বল্লদেব শৰ্মা সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তৃতা প্ৰদান কৰা সভাখনিত গ্ৰন্থৰ ৰচয়িতা নিৰলা শইকীয়া দাসে জীৱনৰ সুখ-দুখৰ অভিজ্ঞতাকে প্ৰমুখ্যে কৰি শৈশৱৰ পৰাই বৈ থকা নৈ, পথাৰ, ধান, প্ৰকতিৰ লয়-লাস পৰিবেশৰ আকৰ্ষণৰ ফলতেই “হিয়াৰ ফুলবোৰে” পাহি মেলি ঠন ধৰি উঠিল বুলি অনুভৱ ব্যক্ত কৰে ৷

সাত কুৰিৰো অধিক সাহিত্যানুৰাগী লোকৰ সমাৱেশ ঘটা গ্ৰন্থ উন্মোচনী সভাখনিত অৱসৰপ্ৰাপ্ত অধ্যক্ষ মুকুল শইকীয়া, কলংৰীয়া আলোচনা চক্ৰৰ সভাপতি নৱকান্ত লিগিৰা, কবি প্ৰেম নাৰায়ণ নাথ, ময়ূৰ বৰা, দীপা পণ্ডিত, দেৱযানী পাঠক শৰ্মা, পাৰ্থ বৰা, আদি সকলে অংশ লোৱা সভাখনিত শিল্পী হেলেন পণ্ডিতে পৰিবেশন কৰা গীতে সভাখনি মুখৰ কৰি তুলে ৷

Your Comments