"জাতীয় নায়ক হায় হায়" ধ্বনিৰে উত্তাল দীঘলীপুখুৰীৰ পাৰ

"জাতীয় নায়ক হায় হায়" ধ্বনিৰে উত্তাল দীঘলীপুখুৰীৰ পাৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আজি সদৌ অসম জাতীয় ছহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদে গ্ৰহণ কৰিছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী । 

পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে "জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল হায় হায়", "ছহিদৰ কেঁচা তেজৰ মূল্য দিয়ক", "অসম চুক্তি ৰূপায়ণ কৰক", ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত থকা আঁসোৱাহ দূৰ কৰি শুদ্ধ এন আৰ চি প্ৰস্তুত কৰক", ছহিদ/নিৰ্যাতিত পৰিয়ালক সংস্থাপিত কৰক" ইত্যাদি ধ্বনিৰে কঁপাই তোলে দীঘলীপুখুৰীৰ পাৰ । 

"জাতীয় নায়ক হায় হায়" ধ্বনিৰে উত্তাল দীঘলীপুখুৰীৰ পাৰ

উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত কিছু সময়ৰ বাবে উপস্থিত হৈ বিশিষ্ট কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই "ছহিদ প্ৰণামো তোমাক" শীৰ্ষক গীতটিৰ লগতে আন কেইটামান দেশপ্ৰেমমূলক গীতেৰে প্ৰতিবাদকাৰীসকলক উৎসাহিত কৰে । 

উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰা সমন্বয়ৰক্ষী পৰিষদৰ সভাপতি ৰাজেন ডেকাই সংবাদ মাধ্যমৰ আগত কয়, "৮৫৫জন ছহিদে নিজৰ জীৱন উছৰ্গা কৰিলে । হেজাৰজনে নিজৰ জীৱন ঘূণীয়া কৰিলে ৷ এইসকলৰ ত্যাগৰ বিনিময়ত স্বাক্ষৰিত হোৱা অসম চুক্তিৰ ৩৮ বছৰ পাৰ হ'ল ৷ কিন্তু অসম চুক্তি সফল ৰূপায়ণ নহ'ল ।" 

"জাতীয় নায়ক হায় হায়" ধ্বনিৰে উত্তাল দীঘলীপুখুৰীৰ পাৰ

তেওঁ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবী জনোৱাৰ লগতে অসম চুক্তি ৰূপায়ণ কৰিবৰ বাবে চৰকাৰক আহ্বান জনায় । ইয়াৰোপৰি অসম অন্দোলনৰ ছহিদ আৰু নিৰ্যাতিত পৰিয়ালৰ লোকসকলক সংস্থাপনৰো দাবী জনায় । 

অৱস্থান ধৰ্মঘটৰ অন্তত উক্ত দাবীসমূহ সন্নিৱিষ্ট এখন স্মাৰক-পত্ৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰিব । উল্লেখ্য যে প্ৰতিবাদস্থলীত অগপ বিধায়ক কবিন ডেকাও উপস্থিত থাকে ।

Your Comments