দেৱালীৰ ফটকাই শব্দ প্ৰদূষণ কৰাৰ লগতে বায়ু প্ৰদূষিত কৰে । ভৱিষ্যতৰ পৃথিৱীখন প্ৰদুষণ মুক্ত কৰি ৰাখিবৰ বাবে নগাঁও মহাবিদ্যালয়ৰ চৌহদত আজি সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে প্লেকাৰ্ড আৰু বেনাৰ লৈ তথা 'প্ৰদূষণমুক্ত দেৱালী, এয়ে আমাৰ ভৱিষ্যৎ' শীৰ্ষক শ্লোগানেৰে এক বৃহৎ মানৱ শৃংখল গঢ়ি সেউজ দেৱালী উদযাপনৰ বাবে সচেতনতা সৃষ্টিৰ এক ব্যতিক্ৰমধৰ্মী প্ৰয়াস কৰে ।
পুৱা ১০-৩০ বজাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী কোঠাৰ পৰা ওলাই আহি এই মানৱ শৃংখলত অংশগ্ৰহণ কৰে । কলেজৰ ছাত্ৰ একতা সভাৰ সভাপতি-সাধাৰণ সম্পাদককে ধৰি এন-এছ-এছৰ সদস্যসকল, এন-চি-চিৰ সদস্যসকলে ভাগ লোৱা এই মানৱ শৃংখলত বেলুন ফুটাই ফটকাৰ দৰে শব্দৰ সৃষ্টি কৰি সেউজ ফটকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ইয়াৰ উপৰিও দেৱালীৰ প্ৰাক্ মুহূৰ্তত ছাত্ৰ-ছাত্ৰীসকলে মিঠাই বিলাই ইজনে-সিজনক দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰি এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰে ।
এই ক্ষেত্ৰত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে প্ৰদূষণমুক্ত পৰিবেশ সৃষ্টিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ এনে প্ৰয়াসক আদৰণি জনায় । ছাত্ৰ একতা সভাৰ সভাপতি আয়াশ আহমেদ আৰু সাধাৰণ সম্পাদক কীৰ্তিকমল বৰাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে- ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই সচেতনতাৰ সৃষ্টি হ'লে ভৱিষ্যতে পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত ই এক বলিষ্ঠ পদক্ষেপ বুলি অভিহিত হ'ব ।
এন-এছ-এছৰ তত্ত্বাৱধায়ক ডঃ ভুবন চন্দ্ৰ চুতীয়াই মানৱ শৃংখলত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা সকলোকে ধন্যবাদ জ্ঞাপন কৰি ব্যক্ত কৰে যে নগাঁও কলেজৰ চৌহদ ইতিমধ্যে আতচবাজী আৰু প্লাষ্টিকমুক্ত হিচাপে ঘোষণা কৰা হৈছে আৰু কলেজৰ এন-এছ-এছ গোটৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলে ধাৰাবাহিকভাবে প্ৰতি বছৰে জীৱকুল আৰু মানৱ দেহৰ ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰে নিৰ্মিত বিভিন্ন প্ৰদূষিত আতচবাজীৰ বিৰুদ্ধে সজাগতাৰ উদ্দেশ্যে মানৱ শৃংখল গঢ়ি আহিছে ।
- Log in to post comments
- 24 views