অৱশেষত নিৰ্বাচনী আচৰণ বিধি বলবৎ কৰি ৰাজ্যিক নিৰ্বাচনী আয়োগে ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচন দিন । অহা ৫ আৰু ৯ ডিচেম্বৰ দুটা পৰ্যায়তত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া । এইকথা আজি জানিবলৈ দিয়ে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই । আয়োগে লগতে জানিবলৈ দিয়ে যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম তাৰিখ ১৫ নৱেম্বৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ১৯ নৱেম্বৰ ।
উল্লেখ যোগ্য যে অহা ১২ ডিচেম্বৰ তাৰিখৰ দিনা ফলাফল ঘোষণা কৰা হ’ব বুলিও এই সংবাদ মেলত জানিবলৈ দিয়ে ৰাজ্যিক নিৰ্বাচনী আয়োগে । উল্লেখ যোগ্য যে প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুস্থিত হ’বলগীয়া জিলা কেইখন হৈছে তিনিচুকীয়া,ডিব্ৰুগড়, শিৱসাগৰ,চৰাইদেউ, যোৰহাট, গোলাঘাট, নগাঁও, মাজুলী, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, মৰিগাঁও, কামৰূপ (মহানগৰ) কামৰূপ গ্রাম্য জিলাত ।
ঠিক একেদৰে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব নলবাৰী, বৰপেটা, বঙাইগাঁও, ধুবুৰী, দক্ষিণ শালমৰা মানকাছাৰ, গোৱালপাৰা, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ আৰু হোজাই জিলাত । ইফালে এইবাৰ পঞ্চায়ত নিৰ্বাচনত মুঠ ভোটকেন্দ্ৰ ২৩,৫০৫টা । তাৰ স্পর্শকাতৰ ভোট কেন্দ্ৰ হিচাপে চিহ্নিত হৈছে ৮২৪৩ টা আৰু অতি স্পর্শকেন্দ্ৰ হিচাপে চিহ্নিত হৈছে ৩৬৬৫ টা।
ইফালে এইবাৰ নিৰ্বাচনত জিলা পৰিষদৰ সদস্য ৪২০,আঞ্চলিক পঞ্চায়তৰ সদস্য ২১৯৯,গাঁও পঞ্চায়তৰ সভাপতি ২১৯৯ আৰু গাঁও পঞ্চায়তৰ সদস্য সংখ্যা ২১৯৯০ জনৰ বাবে অনুস্থিত হব নিৰ্বাচন ।
- Log in to post comments
- 31 views