শংকৰদেৱ নগৰত ‘সুধাকণ্ঠ’ৰ মৃত্যু তিথিত ডেকাগিৰি বঁটা প্ৰদান

a

ডবকাৰ পৰা জমিৰউদ্দিন তালুকদাৰ

হোজাইৰ সামাজিক, সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰই আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ সপ্তম মৃত্যু বাৰ্ষিকী উদযাপন কৰে ৷ অনুষ্ঠানটিয়ে যোৱা সাত বছৰৰ পৰা ধাৰাবাহিকভাৱে ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী পালন কৰাৰ লগতে দিনটোৰ লগত সংগতি ৰাখি ডেকাগিৰি বঁটাও প্ৰদান কৰি আহিছে ৷ আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠানটিৰ বাকৰিত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত লামডিঙৰ সুজিত সোম নামৰ এজন ব্যক্তিক চলিত বৰ্ষৰ ডেকাগিৰি বঁটা প্ৰদান কৰা হয় ৷

a

সভাখনত অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, অসমীয়া বোলছবি জগতৰ মোহময়ী অভিনেত্ৰী মলয়া গোস্বামীয়ে চলিত বৰ্ষৰ ডেকাগিৰি বঁটাটি তুলি দিয়ে ৷ বঁটাৰ লগত এখন মানপত্ৰ, শৰাই, জাপি, চেলেঙৰ লগতে নগদ ধনো আগবঢ়োৱা হয় ৷ কাৰ্যসূচীৰ আৰম্ভণিতে ‘সুধাকণ্ঠ’ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী গৰাকীয়ে ৷ অনুষ্ঠানটিত বৃহত্তৰ ডবকা নাগৰিক মঞ্চই ডবকা অঞ্চলৰ বিভিন্ন সমস্যা সম্বলিত এখনি স্মাৰক পত্ৰও মন্ত্ৰী গৰাকীৰ হাতত অৰ্পণ কৰে ৷

ডবকাৰ যমুনা নৈৰ ওপৰত থকা বৃটিছৰ দিনৰ ভঙা দলংখন নিৰ্মাণ কৰা, ডবকা নগৰ সংযুক্ত কৰা ৰাজ্যিক পথবোৰ নিৰ্মাণ কৰাৰ উপৰি ডবকা গড়কাপ্টানী পৰিদৰ্শন বাংলাৰ পুনৰ নিৰ্মাণৰ দাবী উত্থাপন কৰা হয় ৷ একেদৰে ডবকা চহৰত বিশ্বৰত্ন ডঃ ভূপেন হাজৰিকাৰ নামত এটি পুথিভঁৰাল স্থাপনৰ দাবীও স্মাৰক পত্ৰত উল্লেখ কৰা হয় ৷ নাগৰিক সমিতিৰ হৈ উপস্থিত থাকে আলহাজ আব্দুৰ ৰহমান বৰভূঞা, অধ্যাপক ৰছিদ আহমেদ, ফাৰুক আহমেদ, নুৰুল হুছেইন, আব্দুল জলিল পাটোৱাৰী, বদৰুল ইছলাম বেগ ৷

Your Comments