আলফা নেতা মৃণাল হাজৰিকাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ

আলফা নেতা মৃণাল হাজৰিকাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ

আলফা নেতা মৃণাল হাজৰিকাক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ । বেংগল টাইগা ফ'ৰ্চৰ গোচৰৰ ভিত্তিত আজি পাণবজাৰ আৰক্ষীয়ে সোধা-পোছাৰ বাবে তলব কৰিছিল আলফা নেতাগৰাকীক ।

পাণবজাৰ আৰক্ষী থানাত হাজিৰ হোৱাৰ পাছত দীর্ঘ সময় ধৰি জেৰা কৰা হৈছিল আলফা নেতাগৰাকীক । জেৰাৰ অন্তত পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আলফা নেতাগৰাকীক ।

আলফা নেতা মৃণাল হাজৰিকাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ

উল্লেখ্য যে আজি কিছুদিন পূৰ্বে মহানগৰীত আলফা নেতাগৰাকীয়ে বঙালীবিৰোধী প্ৰৰোচনামূলক মন্তব্য কৰাৰ অভিযোগ তুলি কোকোৰাঝাৰৰ গোঁসাইগাঁও খানাত বেংগলী টাইগাৰ ফ'ৰ্চ নামৰ এটা সংগঠনে ৰুজু কৰিছিল গোচৰ ।

উল্লেখ্য যে সেই মন্তব্য যিহেতু মহানগৰৰ গীতানগৰ খানাৰ অধীনৰ অঞ্চলত কৰিছিল সেয়েহে গোঁসাইগাঁও থানাই গোচৰটো গীতানগৰ থানালৈ হস্তান্তৰ কৰে । পুনৰ গীতানগৰ থানাই সেই গোচৰৰ ভিত্তিত ২৪৩/2018 নম্বৰত গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰৰ ভিত্তিতেই আজি কামৰূপ জিলা ন্যায়িক দণ্ডাধীশে আলফা নেতাগৰাকীক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ ১৪ দিনৰ বাবে প্ৰেৰণ কৰিছে ।

আলফা নেতা মৃণাল হাজৰিকাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ

ইফালে আকৌ শিৱসাগৰত গ্ৰেপ্তাৰ কৰা আন এজন আলফা নেতা জিতেন দত্তক জেৰাৰ বাবে গুৱাহাটীলৈ অনা হৈছে বুলি জানিব পৰা গৈছে । ইফালে এই দুজন আলফা নেতাক গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অনুপ চেতিয়াই আলোচনা প্ৰক্ৰিয়া ব্যাহত হ'ব বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ।

Your Comments