বৃহস্পতিবাৰে সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ । জংঘলত বিলাসী জীৱন কটোৱাসকলক নিয়ন্ত্ৰণ নকৰাৰ ফল এয়া বুলি আখ্যা শিলাদিত্যৰ ।
বিধায়কজনৰ প্ৰশ্ন- এয়া বাংলাদেশী নে বাংলাভাষীৰ ওপৰত আক্ৰমণ ? লগতে বিধায়কজনে ঘটনাত কোন জড়িত আছে তাক অতি সোনকালে চিনাক্ত কৰাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে ।
অতি নিৰ্মমভাৱে আইছিছৰ পন্থাৰে এই হত্যাকাণ্ড সংঘটিত কৰা হৈছে বুলিও তেওঁ মত প্ৰকাশ কৰে । আনহাতে, আলফাৰ বিৰুদ্ধে মাত মতা প্ৰসংগত তেওঁ কয়, ''আলফাৰ বিৰুদ্ধে মই মাত মাতি আহিছোঁ আৰু মাতি যাম । মই অলফাক সমৰ্থন কৰিম নেকি ? উচটনিমূলক মন্তব্য মই দিয়া নাই ৷''
লগতে বিধায়কগৰাকীয়ে নিজকে বিপ্লৱী বুলি চিনাকি দিয়া নেতাসকলকো তদন্ত কৰিব লাগে বুলি মন্তব্য কৰে । আলফাই থলুৱাক প্ৰত্যাহ্বান জনাইছে বুলিও মন্তব্য কৰে বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱে ৷
- Log in to post comments
- 7 views