ৰাজ্যৰ প্ৰাথমিক শিক্ষানুষ্ঠানসমূহত বুধবাৰৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ । তাকে লৈ এতিয়া মন্ত্ৰী-বিধায়ক, বিষয়া-কৰ্মচাৰীসকল ব্যস্ত চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহৰ মূল্যঙ্কনত ৷
সেই উদ্দেশ্যে আজি গুৱাহাটী মহানগৰীৰ এখন পুৰণি বিদ্যালয় লতাশিল প্ৰাথমিক বিদ্যালয়ত উপস্থিত থাকে ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য । পুৱা ৯ বজাত ১৯৪১ চনতে স্থাপন হোৱা প্ৰাথমিক বিদ্যালয়খনত উপস্থিত হয় শিক্ষামন্ত্ৰীগৰাকী ।
বিদ্যালয়খনত উপস্থিত হৈ শিক্ষামন্ত্ৰীগৰাকীয়ে কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে । মত বিনিময়ৰ পাছত ছাত্ৰ-ছাত্ৰীসকলক মূল্যাঙ্কন কৰে । এজন শিক্ষক হিচাপে আজি প্ৰাথমিক বিদ্যালয়খনত শিক্ষামন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মূল্যঙ্কন পৰীক্ষা লয় ।
লগতে বিদ্যালয়খনৰ সামগ্ৰিক পৰিবেশ বুজ লোৱাৰো চেষ্টা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে । তাৰ মাজতে তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে লতাশিল প্ৰাথমিক বিদ্যালয়ৰ শৈক্ষিক পৰিবেশ ভাল, ছাত্ৰ-ছাত্ৰীসকলৰ শিকাৰ আগ্ৰহ আছে ।
আনহাতে, অসমৰ বিভিন্ন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰাৰো আশ্বাস দিয়ে শিক্ষামন্ত্ৰীয়ে । কমসংখ্যক ছাত্ৰ-ছাত্ৰী থকা আৰু একেবাৰে ছাত্ৰ-ছাত্ৰী নথকা বিদ্যালসমূহ একত্ৰিত কৰাৰ পৰিকল্পনাৰ কথাও সদৰী কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ।
আসোঁৱাহসমূহ দূৰ কৰাৰ চেষ্টা কৰাৰ কথা উল্লেখ কৰি তেওঁ অনাগত সময়তো শিক্ষা জগতখনক আগুৱাই যোৱাত সহায় কৰিবলৈ ভাবি-চিন্তি পদক্ষেপ লোৱাৰ কথা সদৰী কৰে । জধেমধে পদক্ষেপ লৈ সমস্যা দুগুণে বঢ়াব নিবিচাৰে বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰী ভট্টাচাৰ্যই ।
- Log in to post comments
- 12 views