কেন্দ্ৰীয় চৰকাৰৰ ভয়ংকৰ জাতি ধ্বংসী বিধেয়কৰ বিৰুদ্ধে আজিৰে পৰা অসমৰ ৬০টা জাতীয় দল-সংগঠনে কৃষক মুক্তি সংগ্রাম সমিতি, অসম জাতীয়তা বাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্ব আৰম্ভ কৰিছে প্ৰচাৰ পত্ৰিক বিতৰণ । মহানগৰীৰ চান্দমাৰী উৰণীয়া সেতু পৰা আৰম্ভ হৈছে এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰূদ্ধে প্ৰচাৰ পত্ৰিকা বিতৰণ প্ৰক্ৰিয়া ।
সমগ্ৰ অসমতে ৬০টা জাতীয় সংগঠনৰ সহযোগত বিতৰণ কৰিব এই প্ৰচাৰ পত্ৰিকা । পোৱা ১০বজাত চানমাৰি উৰণীয়া সেতু পৰা শুভাৰম্ভ হোৱা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে কৃষক নেতা অখিল গগৈ, অসম জাতীয়তা বাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাই প্ৰমূখ্য ৬০টা দল-সংগঠনৰ ভালে সংখ্যক কর্মী । উল্লেখ যোগ্য যে আজি কেৱল সমগ্ৰ মহানগৰীত বিতৰণ কৰা হ'ব এই প্ৰচাৰ পত্ৰিকা । অহা কালিলৈ পৰা ৰাজ্য প্ৰতিখন জিলাতে বিতৰণ কৰিব এই প্ৰচাৰ পত্ৰিকা ।
- Log in to post comments
- 11 views