ৰাজ্যত নিবনুৱা সমস্যা দিনক দিনে ভয়াৱহভাৱে বৃদ্ধি হোৱা, নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি হিন্দু বঙালীক নাগৰিকত্ব প্ৰদান, ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰি বন্ধ কৰি ঠিকাভিত্তিত নিয়োগ কৰা, কেন্দ্ৰীয় চৰকাৰে বছৰি ২ কোটিকৈ নিবনুৱাক সংস্থাপন দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ লগতে হাইস্কুল আৰু টে'ট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীৰে আজি এক প্ৰতিবাদী সমদল উলিয়ায় ভাৰতীয় গণতান্ত্ৰিক যুৱ ফেডাৰেচনে ।
পুৱা ১১ বজাত উলিওৱা উক্ত প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে সংগঠনটোৰ ভালেসংখ্যক সদস্যই । মহানগৰীৰ দীঘলীপুখুৰীপাৰৰ পৰা উপায়ুক্ত কাৰ্যলয়লৈ উলিওৱা এই প্ৰতিবাদী সমদলৰ জৰিয়তে সংগঠনটোৱে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰাৰ দাবী জনায় ৷
ইয়াৰ উপৰি বৰ্তমান ভয়াৱহভাৱে হোৱা মূল্যবৃদ্ধি নিয়ন্ত্ৰণলৈ অনাৰো দাবী উত্থাপন কৰে সংগঠনটোৱে ৷ আনহাতে, নাগৰিকসকলৰ সুবিধাৰ অর্থে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এন আৰ চিৰ ৫বিধ নথি বৈধ ঘোষণা কৰিব লাগে বুলিও দাবী জনায় ।
প্ৰতিবাদৰ অন্তত সংগঠনটোৱে জিলা উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালৰ জৰিয়তে ৰাজ্যৰ মুখ্য মন্ত্ৰীলৈ এক স্মাৰক-পত্ৰও প্ৰদান কৰে ৷
- Log in to post comments
- 15 views